গণশিল্পী মহেন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত মাটিৰ মানুহ উন্নয়ন সমিতি গঠন
গুৱাহাটী প্ৰেছ ক্লাবত মাটিৰ মানুহ উন্নয়ন সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- পষেকীয়া বাৰ্তালোচনী “মাটিৰ মানুহ”ৰ দ্বিতীয় খোজৰ প্ৰস্তাৱনা সংখ্যা ১৮ জুনত প্ৰকাশ পোৱাৰ পিছত আজি মাটিৰ মানুহ উন্নয়ন সমিতিৰ প্ৰথমখন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। “মাটিৰ মানুহ”ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পাঠকৰ সংগঠন মাটিৰ মানুহ উন্নয়ন সমিতিৰ সাধাৰণ সভাত উপস্থিত থাকে বিশিষ্ট গণশিল্পী মহেন্দ্ৰ হাজৰিকা, নগাঁওৰ শ্রমিক নেতা বীৰেন মিৰ্ধা, সমাজকৰ্মী দীপক কুমাৰ মেনা, সমাজবাদী পাৰ্টীৰ ৰাজ্যিক উপ সভাপতি বিকাশ দত্ত, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া, সমাজকৰ্মী ড০ কণিকা দত্ত বৰুৱাকে ধৰি বহুকেইখন জিলাৰ প্ৰতিনিধি। এই সভাতে গণশিল্পী মহেন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত মাটিৰ মানুহ উন্নয়ন সমিতিৰ কেন্দ্ৰীয় সমিতি(তদর্থ) গঠন কৰা হয়। য’ত উপদেষ্টা মণ্ডলীত আছে গুৱাহাটীৰ শশীপ্ৰভা দাস আৰু চাংসাৰিৰ কণিকা দত্ত বৰুৱা। কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে নলবাৰীৰ মণিৰাম তালুকদাৰ আৰু হাজোৰ দীপক মেনা।আনহাতে, উপ-সভাপতিৰ দায়িত্বত আছে গুৱাহাটীৰ নৱ কুমাৰ মজুমদাৰ, ডিব্ৰুগড়ৰ মিৰাজ বৰা, গোৱালপাৰাৰ ইউছুফ আলী আৰু শিঙিমাৰীৰ দিলীপ দাস। সচিব প্ৰধানৰ দায়িত্বত আছে ৰাজকুমাৰ বৈশ্য। সাধাৰণ সম্পাদকৰ দায়িত্বত আছে দদৰাৰ ভৱেশ ডেকা আৰু বোকাখাতৰ প্ৰশান্ত হাতীমতা। প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছে শ্ৰীনগৰৰ ধ্ৰুৱজ্যোতি শৰ্মা। সহকাৰী প্ৰচাৰ সম্পাদিকাৰ দায়িত্বত আছে পল্লৱী ফুকন আৰু জোনা শৰ্মা। সাংগঠনিক সম্পাদকৰ দায়িত্বত আছে কলাইগাঁওৰ মহৎ চন্দ্ৰ চলিহা, শিৱসাগৰৰ গিৰিমণি গগৈ আৰু তিনিচুকীয়াৰ দুলুমণি দেৱী। আজিৰ সাধাৰণ সভাত উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই “মাটিৰ মানুহ”ৰ মুখ্য সম্পাদক তথা মাটিৰ মানুহ উন্নয়ন সমিতিৰ নবনিৰ্বাচিত সচিব প্ৰধান ৰাজকুমাৰ বৈশ্যই কয় যে মাটিৰ মানুহৰ উদ্দেশ্যে হৈছে জৈৱিক কৃষি উৎপাদনক উৎসাহিত কৰা। জৈৱিক কৃষি উৎপাদনৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ মাটিৰ মানুহ গঠন কৰিছিলোঁ। আমাৰ জৈৱিক কৃষিৰ যুঁজখন হাতী আৰু মাখিৰ যুঁজৰ দৰে। তাৰ পিছতো আমি এই যুঁজত অৱতীৰ্ণ হৈছোঁ। বৰ্তমানৰ কৃষকসকলে উৎপাদিত শস্যৰ উচিত মূল্য লাভ নকৰে। যাৰ বাবে তেঁওলোকে উপায়বিহীন হৈ উৎপাদিত শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ কীটনাশক সাৰ প্ৰয়োগ কৰাৰ লগতে হাইব্ৰিড বীজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ই আমাৰ স্বাস্থ্যৰ বাবে অতি হানিকাৰক। এইবোৰ আমাৰ প্ৰকৃতি বিৰুদ্ধ। ইয়ে আমাৰ জীৱকুল ধ্বংস কৰে। আমি হাইব্ৰিডৰ বিপক্ষে। তেওঁ লগতে কয় যে আমি এতিয়া থলুৱা বীজৰে খেতি কৰিবলৈ পাহৰিছোঁ। ফলত আমাৰ সমাজখন বিষৰে ভৰি পৰিছে। আমাৰ লক্ষ্য এখন বিষমুক্ত সমাজ গঢ়ি তোলা। এই ক্ষেত্ৰত প্ৰত্যাহ্বান আছে, কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈছোঁ। আমি পুনৰ এবাৰ “মাটিৰ মানুহ” কাকতখন বন্ধ নকৰাৰ সংকল্পবদ্ধ হৈছোঁ। পূৰ্বৰ ভুলৰ পৰা শিক্ষা লাভ কৰিছোঁ। তেওঁ লগতে কয় যে আগন্তুক সময়ত মাটিৰ মানুহ উন্নয়ন সমিতিৰ জিলা আৰু শাখা সমিতি গঠন কৰা হ’ব। আনহাতে, গণশিল্পী মহেন্দ্ৰ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে আমি জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব দিব লাগে। জৈৱিক কৃষি আমাৰ পূৰ্বজৰ। জৈৱিক কৃষি আজিৰ নহয়, সেয়া পূৰ্বজৰ বুলি উল্লেখ কৰি কয় যে মাটিৰ মানুহ এক যাত্ৰা। এই যাত্ৰা যুগমীয়া কৰিবলৈ সংকল্প ল’ব লাগিব। মই ৰাজকুমাৰ বৈশ্যৰ লগত আছোঁ আৰু থাকিম। তেওঁ লগতে কয় আমি পথাৰ হেৰুৱাই পেলাইছোঁ। আমি শ্ৰমিকক সন্মান জনাব লাগিব। এতিয়া মাটিৰ মানুহৰ দায়িত্ব বৃদ্ধি পাইছে। সেই দায়িত্ব দ্ৰুত গতিত আগুৱাই নিব লাগিব। এই সভাত অতিথিৰূপে উপস্থিত থকা নগাঁওৰ শ্ৰমিক নেতা বীৰেন মিৰ্ধাই কয় যে মাটিৰ মানুহৰ হকে কাম কৰিম। ৰাইজৰ হকে কাম কৰি যাবলৈ সংকল্পবদ্ধ লৈছোঁ। আনহাতে, চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে আমি অসমীয়াই নিজৰ হাতত ৰাখিব লাগিব বজাৰ আৰু পথাৰ। অসমীয়া খেতিয়কসকলে নিজৰ পথাৰত নিজে কৃষিকৰ্মত নিয়োজিত হ’ব লাগিব। পথাৰ ৰক্ষা কৰিব লাগিব আৰু জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব দিব লাগিব। আনহাতে, দীপক কুমাৰ মেনাই কয় যে আমি আমাৰ খেতিয়কসকলক জৈৱিক কৃষি কৰাৰ প্ৰতি উৎসাহিত কৰিব লাগে। তেওঁলোকক জৈৱিক শস্য বিদেশলৈ ৰপ্তানি কৰিলে তেওঁলোক কিদৰে অধিক লাভাম্বিত হ’ব সেই বিষয়ে সজাগ কৰিব লাগে। বৰ্তমান সময়ত বিদেশলৈ শস্য ৰপ্তানি কৰাটো অতি সহজ বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে আন ৰাজ্যৰ তুলনাত অসম এতিয়াও ৰপ্তানিৰ ক্ষেত্ৰত পিছ পৰি ৰৈছে। একেদৰে, বিকাশ দত্তই কয় যে বৰ্তমান সময়ত বিদেশলৈ সামগ্ৰী ৰপ্তানি কৰাটো অতি সহজ। অসমৰ প্ৰতি সামগ্ৰীৰ বিদেশত সমাদৰ আছে। কিন্তু আমি ৰপ্তানিৰ ক্ষেত্ৰত পিছ পৰি আছো। তেওঁ লগতে কয় যে কামৰূপ মহানগৰক পৰ্টেল চিটিৰূপে গঢ় দিব লাগে। ইয়াৰ ফলত অসমৰ ৰাইজ উপকৃত হ’ব। আনহাতে, ডিব্ৰুগড়ৰ মিৰজা বৰাই কয় যে অসমৰ অধিক সংখ্যক লোক কৃষিৰ লগত জড়িত। কিন্তু আমাৰ কৃষিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত আমি ৰুগীয়া হৈ পৰিছোঁ। খাদ্যভাসে আমাক ৰুগিয়া কৰি তুলিছে। যাৰ ফলত অলিয়ে- গলিয়ে নাৰ্চিং হোম গঢ় লৈ উঠিছে। ৰাজ্যত কৃষি বিপ্লৱৰ সূচনা কৰিছে ৰাজকুমাৰ বৈশ্যই। উল্লেখ কৰি তেওঁ কয় যে আমি জৈৱিক কৃষি পদ্ধতিলৈ উভতি যাব লাগিব। আজিৰ এই অনুষ্ঠানত ড০ কণিকা দত্ত বৰুৱা, গিৰিমণি গগৈ, লাচিত সেনাৰ নেতা গগন কলিতা, সমাজকৰ্মী কাজী নেকিব আহমেদে তেঁওলোকৰ বহমূলীয়া ভাষণ আগবঢ়ায়। সভাখনত পৰিচালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়ত্রী ড০ প্ৰণীতা শৰ্মা বৰদলৈয়ে। উল্লেখ্য যে প্ৰয়াত নিবাৰণ বৰা ( উপদেষ্টা), প্ৰয়াত ননীকান্ত বৈশ্য ( প্ৰতিষ্ঠাপক সঞ্চালক) আৰু প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য ( উপদেষ্টা)ৰ উদ্যোগত এই পষেকীয়া বাৰ্তালোচনীখন ১৯৯২ চনৰ ১৪ এপ্ৰিল তাৰিখে প্ৰকাশ পাইছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০০৮ৰ পৰা কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। কিন্তু পষেকীয়া বাৰ্তালোচনীখন পুনৰ প্ৰকাশ কৰা হৈছে।কৃষকৰ মুখপত্ৰ পষেকীয়া “মাটিৰ মানুহ” কাকত খনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে কাকত খন সময়মতে ৰাইজৰ হাতত তুলি দিয়াৰ উদ্দেশ্যে কাকত খনৰ পাঠক সকলক লৈ গঠিত “মাটিৰ মানুহ উন্নয়ন সমিতি” নামৰ সংগঠনটো পুনৰ গঠনৰ বাবে৯ জুলাই, ২০২৫ তাৰিখ বুধবাৰে পুৱা ১০-৩০ বজাত গুৱাহাটী প্ৰেছ ক্লাব ( আমবাৰী)ত সাধাৰণ সভা আহ্বান কৰা হৈছে। পূৰ্বে মাটিৰ মানুহৰ পাঠক সকলক লৈ প্ৰয়াত নিবাৰণ বৰাদেৱৰ নেতৃত্বত এই সংগঠনটো জন্ম হৈছিল যদিও বৰ্তমান সময়ত এই সংগঠনটো নিষ্ক্ৰিয় অবস্থাত আছিল। এই সংগঠনটোৱে হাইব্ৰীড বীজ আৰু ৰাসায়নিক সাৰৰগ্ৰাসৰ পৰা মানৱ সমাজক ৰক্ষা কৰাৰ লগতে সম্প্ৰতি লুপ্ত হৈ পৰা আমাৰ বাপতি সাহোন মাণিকী-মধুৰি জহাধান, চকোৱাধান, মইনাগিৰি ধান, কণী জহা ধান, সুৱাগ মণি জহা, পাখি জহাৰ দৰে ঔষধি গুণ বিশিষ্ট থলুৱা জাতৰ ধানবোৰ পুনৰুদ্ধাৰ বাবে সমাজক সচেতন কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰোপৰি সমাজৰ মেৰুদণ্ড স্বৰূপ কৃষক সকলৰ বিভিন্ন সমস্যা যেনে- মাটিহীন কৃষকৰ সমস্যা, বানপানী আৰু খৰাং বতৰৰ সমস্যা, কৃষকে উৎপাদন কৰা বস্তুৰ কোনো উপযুক্ত বজাৰ নথকাৰ ফলত পানীৰ দামত মধ্যভোগী সকলৰ ওচৰত তেওঁলোকৰ ফচল সমূহ বিক্ৰী কৰিব লগা হোৱা সমস্যা আদিৰ বিষয়েও এই সংগঠনটোৱে পদক্ষেপ গ্ৰহণ কৰিছিল।লগতে কৃষক সকলক সচেতন আৰু সংগ্ৰামশীল কৰি তুলিবলৈও সংগঠনটোৱে পদক্ষেপ গ্ৰহণ কৰিছিল। সম্প্ৰতি “মাটিৰ মানুহৰ” দ্বিতীয় খোজ আৰম্ভ হোৱাৰ পিছতেই শুভকাংখী সকলে এই সংগঠনটো পুনৰ গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। সেয়েহে উক্ত উদ্দেশ্যে উল্লিখিত স্থান আৰু সময়ত আহ্বান কৰা সভাত ৰাইজক অংশ গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো।