বায়ুসেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ জাগুৱাৰ বিমান। ৰতনগড় অঞ্চলত অৱস্থিত ভানুদা গাঁৱত নিয়মীয়া প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় ।এই দুৰ্ঘটনাত বায়ুসেনাৰ দুজন পাইলট নিহত হৈছে । জাগুয়াৰ প্ৰশিক্ষক বিমানখনৰ দুৰ্ঘটনা নিশ্চিত কৰি বায়ুসেনাই সামাজিক মাধ্যম এক্সৰ যোগেদি কয়, “ৰাজস্থানৰ চুৰুৰ সমীপত আজি ভাৰতীয় বায়ুসেনাৰ এখন নিয়মীয়া প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় । কোনো ধৰণৰ অসামৰিক সা-সম্পত্তিৰ ক্ষতি হোৱা নাই । ভাৰতীয় বায়ুসেনাই এই কৰুণ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে এই শোকৰ সময়ত থিয় দিছে ।” জানিব পৰা মতে, স্থানীয় ৰাইজে আৰক্ষীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান পাইলট আৰু বিমানখনৰ পৰিচয় সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ লাভ কৰা নাই। চুৰুৰ ৰতনগড় তহচিলৰ সীমান্তৱৰ্তী গাঁও ভানুদা বিদাৱতনত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে, ছিকৰালি পথৰ চৰণন মহল্লাৰ সমীপৰ বীড়ৰ আকাশৰ পৰা জ্বলি থকা বিমানখন বাগৰি পৰে। প্ৰায় ২০০ ফুটৰ আশে-পাশে বিমানখনৰ অৱশিষ্ট বাগৰি পৰে।স্থানীয় লোকসকলে কয় যে, এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজনৰ মৃতদেহৰ টুকুৰা চাৰিওফালে চিটিকি পৰে। এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰাৰ পাছতে সেই স্থানত ভানুদা গাঁৱৰ লগতে আশে-পাশে থকা গাঁৱৰ পৰাও বৃহৎ সংখ্যক লোক উপস্থিত হয়। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ফাইটাৰ জেট আছিল। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।