চিৰাঙত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

চিৰাঙত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত চিৰাং জিলা বিজেপিৰ নৱনির্মিত কাৰ্য্যালয় উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। জিলা বিজেপিৰ নৱনির্মিত কার্যালয় মুকলি কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০  শর্মাই মন্তব্য প্ৰকাশ কৰি কয় যে বিটিআৰৰ ওদালগুৰিক বাদ দি সকলো ঠাইতে বিজেপিৰ জিলা কার্যালয় নির্মাণ কৰা হ’ল। অহা এক-দেৰ মাহ মানৰ ভিতৰত ওদালগুৰিতো বিজেপিৰ জিলা কার্যালয় নির্মাণ কৰা হ’ব। বিটিআৰত বিজেপিয়ে যিকেইটা সমষ্টিত প্রার্থীত্ব প্রদান কৰিব জিকিবৰ বাবেই প্রার্থী প্ৰক্ষেপ কৰিব বুলিও তেঁও সংবাদ মাধ্যমৰ আগত মন্তব্য প্রকাশ কৰে। ইপিনে ধুবুৰীৰ বিলাসীপাৰা, চাপৰ অঞ্চলত চলি থকা উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ৯০ শতাংশ মানুহে উচ্ছেদৰ সময়ত চৰকাৰক সহযোগিতা আগবঢ়াইছে। উচ্ছেদ কৰা অঞ্চলত উদ্যোগ স্থাপন হলে ৰাইজৰে উপকাৰ হব। এই উচ্ছেদৰ পাছত তাত যদি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্র বিলাসীপাৰা, চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ’ব। সেই কাৰণে ৯০ শতাংশ ৰাইজে নিজে নিজে আঁতৰি গৈছে। ১০ শতাংশ ৰাইজৰ মাজত সদায়ে অলপ অসন্তুষ্টি থাকেই। মই ভাবোঁ যে এইটো ইমান ডাঙৰ কথা নহয়। মোৰ দৃষ্টিত শান্তিপূর্ণভাৱে উচ্ছেদ হৈ গৈছে। এইটো খুব ডাঙৰ উচ্ছেদ আছিল। প্রায় ৪ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছে। সেইবাবে অলপ গণ্ডগোল হ’ব বুলি আমিও আশা কৰিছিলোঁ। ইফালে এই উচ্ছেদ অভিযান অমানৱীয় বুলি আমছুৱে উল্লেখ কৰা কাৰ্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রী ড° শর্মাই কয় যে উচ্ছেদক লৈ মানৱীয় বুলি কোনো কথা নাই। আমাৰ জাননী লাভ কৰাৰ পাছত কোনোবা যদি আঁতৰি নাযায়, তেতিয়াহ’লে মেচিনেই ভাঙিব। তাত আৰু মানৱীয় উচ্ছেদৰ কি সংজ্ঞা আছে? ইফালে উচ্ছেদৰ বিৰুদ্ধে আমছুৱে প্রতিবাদ কৰা সন্দৰ্ভত তেওঁ এইবুলিও কয়- য’ত য’ত আমছুৱে প্রতিবাদ কৰে, তাতেই বিজেপিৰ আদৰ্শৰ জয়গান হৈছে। কাৰণ আমি জাতি-মাটি-ভেটিৰ কথা কৈ চৰকাৰলৈ আহিছোঁ। যেতিয়া আমছুৱে আমাক গালি পাৰিছে, তাৰ মানে আমি আমাৰ নিৰ্বাচনী প্রতিশ্রুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। যিমানেই আমছুৱে গালি পাৰে অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহে বুজি পাব লাগিব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে।   এই উচ্ছেদ সন্দর্ভত আমছুৱে জংগী আন্দোলন কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্রীয়ে কয় যে তেওঁলোকে জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা লম। আনহাতে উচ্ছেদৰ সময়ত বিধায়ক অখিল গগৈ চাপৰত উপস্থিত হোৱা প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে য’ত উচ্ছেদ হয়, তাতেই তেওঁ উপস্থিত হোৱাটো তেওঁৰ এটা নিয়ম। কাজিৰঙাৰে তেওঁৰ আৰম্ভ কৰিছে। মাজে মাজে য’ত উচ্ছেদ হয় তাতেই তেওঁ উপস্থিত হয়। এইখিনি তেওঁৰ ৰাজনৈতিক ভোট।