ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান 

ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰতি ব্ৰিকছ সন্মিলনত ভাগ ল’বলৈ বুলি ব্ৰাজিল ভ্ৰমণত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঙলবাৰে প্ৰদান কৰা হয় ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান “গ্ৰেণ্ড কলাৰ অৱ দ্য নেশ্যনেল অৰ্ডাৰ অৱ দ্য চাউডাৰ্ণ ক্ৰছ” ৷৷ এক গাম্ভীৰ্যপূৰ্ণ আৰু অভিজাত অনুষ্ঠানত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাই প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।  ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ব্ৰাজিলৰ এই সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰি ৰাষ্ট্ৰপতি দা ছিলভাই কয় যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰত আৰু ব্ৰাজিলৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক কটকটীয়া কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে চলোৱা চেষ্টাৰ বাবেই তেওঁক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হৈছে ৷ আনহাতে এই সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰাজিলৰ জনসাধাৰণ আৰু ব্ৰাজিল চৰকাৰে তেওঁলৈ আগবঢ়োৱা এই সন্মান তেওঁ ভাৰতৰ এশ চল্লিশ কোটি জনতাৰ বাবে উৎসৰ্গা কৰিছে ৷ মোদীয়ে আৰু কয়- “এয়া মোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ৷ ব্ৰাজিলৰ সৰ্বোচ্চ এই সন্মান আপোনালোকে মোক প্ৰদান কৰি কেৱল মোকেই গৌৰৱাম্বিত কৰা নাই, গৌৰৱাম্বিত কৰিছে ভাৰতৰ এশ চল্লিশ কোটি জনতাক ৷” মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত অৰ্থাৎ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাষ্ট্ৰৰ পৰা লাভ কৰা এইটো হৈছে ২৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান ৷