আমেৰিকাত পথ দুৰ্ঘটনাত নিহত হায়দৰাবাদৰ এটা পৰিয়াল

আমেৰিকাত পথ দুৰ্ঘটনাত নিহত হায়দৰাবাদৰ এটা পৰিয়াল

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ মিচৌৰীৰ গ্ৰীণ কাউণ্টিত সোমবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হয় ভাৰতৰ একেটা পৰিয়ালৰ চাৰি সদস্য ।  জানিব পৰা মতেহায়দৰাবাদৰ বাসিন্দা তেজস্বিনী আৰু মিষ্টাৰ ভেংকট আৰু তেওঁলোকৰ দুই সন্তান সিদ্ধাৰ্থ আৰু মৃদাৰ সৈতে ডালাছত আছিল। ইয়াৰ মাজতে বন্ধৰ দিনত তেওঁলোকে আটলাণ্টাৰ আত্মীয়ৰ ওচৰলৈ ফুৰিবলৈ যায়। এসপ্তাহ আটলাণ্টাত থকাৰ পাছত ডালাছলৈ উভতি আহোঁতে মাজনিশা এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আৰু এই দুৰ্ঘটনাতে তেওঁলোকৰ মৃত্যু হয়। ভুল দিশৰ পৰা অহা তীব্ৰবেগী মিনি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ পাছতে জ্বলি গৈছিল তেওঁলোকৰ বাহনখন । স্থানীয় আৰক্ষীৰ মতে, পথত ভুল দিশেৰে চলি থকা এখন মিনি ট্ৰাকে তেওঁলোকৰ গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। যাৰ ফলত গাড়ীখনত জুই লাগে, আৰু গাড়ীৰ ভিতৰত থকা আটাইকেইজন জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয়। গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ ফলত মৃতদেহ কেইটা কংকাললৈ ৰূপান্তৰিত হৈছে। আৰক্ষীয়ে কংকাল কেইটাৰ অৱশিষ্ট ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ হোৱা সিদ্ধাৰ্থৰ বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তে উদ্ধাৰকাৰী দলে তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম হয় । ফৰেণছিক দলে শোকসন্তপ্ত পৰিয়ালটোক মৃতদেহকেইটা প্ৰদান কৰাৰ পূৰ্বে পৰিচয় নিশ্চিত কৰিবলৈ দুৰ্ঘটনাস্থলীৰ পৰা ডি এন এৰ নমুনা সংগ্ৰহ কৰে ।