ফাগুন ফুলাৰ হাঁহি
মিতালি বৰঠাকুৰ,মালিগাওঁ
তোমাৰ আশীৰ্বাদৰ হাত খন
আকৌ এবাৰ পোৱা হ’লে
জীৱনে মিচিকিয়াই হাঁহিলে হেঁতেন ,
স্মৃতি হৈ ৰৈ গ’লা আজি তুমি জীৱন বাটত।
তোমাৰ ফাগুন ফুলা সেই হাঁহিটো
আজিও হেৰাই যোৱা নাই ,
আজিও ফুলি আছে মোৰ মানস পটত ।
সঁচাকৈ ,ভাবিলে আচৰিত লাগে
কিমান আপোন হ’ব পাৰে মৃত্যু !
যাৰ বাবে প্ৰিয় আত্মীয় স্বজন এৰি
দুহাতেৰে আঁকোৱালি ল’ব পাৰি
মৃত্যুৰ শীতল কোলা।
সেয়ে হয়তো তুমিও আঁতৰি গ’লা
ফাগুন ফুলা হাঁহিটো ওঁঠত সামৰি
জোনৰ দেশত থিতাপি ল’লা ।
তথাপি মন যায় , আকৌ এবাৰ পোৱা হ’লে
তোমাৰ আশীৰ্বাদৰ হাত খন ।