আধ্যাত্মিকতাৰ প্ৰয়োজন  – আয়শা ছিদ্দিকা

আধ্যাত্মিকতাৰ প্ৰয়োজন 

 আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

বৰ্তমান সময়ৰ এই যান্ত্রিক যুগত য’ত মানুহৰ সফলতাৰ বাবে  অন্তৰ আত্মাৰ আহ্বানৰ প্ৰয়োজন।

কাণে নুশুনা হোৱা এক নিৰৱ চিন্তাৰ প্ৰয়োজন ।এই চিন্তাই নাম হ’ল আধ্যাত্মিকতা। আমাৰ সমাজ, শিক্ষা, ৰাজনীতি, সকলো স্তৰত যিমান গতি, তাত মানৱতা, কৰুণাবোধ আৰু আত্মবিশ্বাসৰ অভাৱ স্পষ্ট। এই ঘাটতি পূৰণৰ একমাত্র উপায় হৈছে আধ্যাত্মিক চিন্তা আৰু জীৱনৰ ভিতৰত তেওঁৰ সজীৱ উপস্থিতি।

আধ্যাত্মিকতা মানে মাথোঁ উপাসনা বা ধৰ্ম আচৰণকে নুবুজাই। ই নিজকে বুজা, অস্তিত্বৰ গভীৰতা অনুভৱ কৰা আৰু জীৱনৰ প্ৰতি এক দায়বদ্ধ চেতনা গঢ়ি তোলাৰ অনুশীলন। য’ত নহয় বিভেদ, নহয় অহংকাৰ, আছে কেৱল জগতৰ  উৰ্ধত আৰু আত্মাৰ লগত পৰমাত্মাৰ মহা মিলন।

আজি সমাজত যি মানৱিক সংকট, যি বিবেকহীনতা দেখা যায়, সেয়া মাথোঁ বাহ্যিক ভোগবিলাসত অভ্যস্ত মানুহৰ ভিতৰৰ শূন্যতাৰ প্ৰতিফলন। মাদকত আসক্তি, আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি মানসিক বিকাৰ, পৰিয়ালবিচ্ছেদ এইবোৰ কেবল সামাজিক নহয়, আধ্যাত্মিক অৱক্ষয়ৰো ফল।

জীৱনত আধ্যাত্মিকতাৰ প্ৰয়োজন আছে। জীৱনক মাথোঁ বাহ্যিক ভোগত সীমাবদ্ধ নকৰি গভীৰ চিন্তাৰ সৈতে আত্মাৰ বিকাশ সাধন কৰা আধ্যাত্মিকতাৰ মূল লক্ষ্য।

আধ্যাত্মিক দৃষ্টিভংগী মানুষক ধৰ্ম, জাতি, বৰ্ণ, ভাষাৰ উৰ্ধে থাকি চিন্তাৰ স্বাধীনতা দিয়ে।

সঁচা আধ্যাত্মিক ব্যক্তি কেতিয়াও অসত্য, অসৎপথৰ আশ্ৰয় নলয় । তেওঁৰ জীৱনত থাকিব সহিষ্ণুতা, দায়িত্ববোধ আৰু আত্মসংযম।

যদি এজন ৰাজনীতিবিদ আধ্যাত্মিক হয়, তেঁও জনসেৱা কৰিব; যদি এজন শিক্ষক আধ্যাত্মিক হয়, তেঁও মানৱ গঢ়িব; যদি এজন ব্যৱসায়ী আধ্যাত্মিক হয়, তেঁও ন্যায্যতাক অগ্ৰাধিকাৰ দিব। অৰ্থাৎ, আধ্যাত্মিকতা সমাজিক ন্যায়ৰ আধাৰ।

আজিৰ পাঠ্যক্ৰমত নৈতিক শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান সন্নিবিষ্ট হ’ব লাগে শিশুক কেৱল প্ৰতিযোগিতামুখি নাগৰিক নহয়, এক বিবেকবান মানুহ হিচাপে গঢ়ি তুলাটো অধিক প্ৰয়োজন।

আধ্যাত্মিকতা হ’ল একে সময়ত আত্মাৰো ঔষধ, সমাজ উন্নতিৰ দিশ, আৰু জীৱনৰো মূল অৰ্থ। যান্ত্রিকতাৰ এই যুগত যিমান বেছি উন্নতি হৈছে সিমান বেছি আমাৰ আত্মা অব্যক্ত হৈ পৰিছে। যাৰ ফলত আজি ক’ব লাগে— আধ্যাত্মিকতাৰ প্ৰয়োজন আছে। বহুত প্ৰয়োজন আছে।

সময় আহিছে বহিঃপৰিস্থিতিৰ উন্নতিৰ উপৰিও অন্তৰ-উন্নতিত মনোযোগ দিয়াৰ। বাহ্যিক সফলতাৰ কাষত এখন শান্ত হৃদয়, এক বিশুদ্ধ আত্মা থাকিলেই জীৱন সত্যতে সফল হ’ব পাৰিব।