নাগৰিক সমাজৰ অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

নাগৰিক সমাজৰ অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত নাগৰিক সমাজৰ অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ পূৰ্বেই তেওঁ নাগৰিক সমাজৰ শক্তিৰ উমান পাইছিল। তেওঁ কয়, ”মই দেশৰ নাগৰিক সমাজৰ শক্তিক বহু ওচৰৰ পৰা দেখিছো৷ সামাজিক আন্দোলনৰ ফলত তথ্য জনাৰ অধিকাৰ আইন প্ৰস্তুত কৰা হৈছিল৷ সমগ্ৰ ভাৰতৰ আন্দোলনৰ জড়িয়তে এই আইন প্ৰস্তুত কৰাৰ কথা চৰ্চালৈ আহিছিল৷ যদি দেশৰ নাগদৰিক সমাজে প্ৰয়াস নকৰিলেহেঁতেন তেন্তে এমজি এনৰেগাৰ দৰে আঁচনি প্ৰস্তুত নহ’লহেঁতেনে৷ নাগৰিক সমাজৰ সীমা আৰু ক্ষমতা মই ওচৰৰ পৰা দেখিছো৷’’ তেওঁ আৰু কয় যে মই যেতিয়া গম পাইছিলো নাগৰিক সমাজে এটা সীমা অতিক্ৰম কৰিব নোৱাৰে৷ তেতিয়া মোৰ চিন্তা ৰাজনীতিৰ পিনে গ’ল৷ ২০০১ চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ নাছিল তেতিয়া অসম আৰ্থিক সংকটৰ সৈতে যুঁজিছিল৷ শিক্ষকে দৰমহা পোৱা নাছিল, কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল৷ কিন্তু কংগ্ৰেছ চৰকাৰ আহি আৰ্থিক ৰোডমেপ সলনি কৰিছিল৷ ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তিয়ে প্ৰয়াত তৰুণ গগৈৰ কথা কথা পাতি এটা ৰণকৌশল, ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল৷ সেয়েহে আমাৰ মাজত মিলনৰ প্ৰয়োজন৷ আলাপ-আলোচনাৰ প্ৰয়োজন৷ সমাজসেৱা, নিৰ্বাচনী ৰাজনীতি বলেগে বিষয়৷ এই দুই জগতৰ মাজত এটা সীমা থাকে৷ যেতিয়া ৰাজনৈতিক সিন্ধান্ত, ৰাজনৈতিক কথাবোৰ আহে তেতিয়া কংগ্ৰেছ দলে সকলোৰে লগত কথা পাতিব৷ নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ দলে সকলোৰে লগত কথা পাতিব৷ সকলোৰে কথা শুনিব৷ আমি কথা শুনিবলৈ আৰম্ভ কৰিছো৷ কিছু ৰাজনৈতিক দলৰ নেতাৰ সৈতে ইতিমধ্যে আমি বহিছো৷ আমি তেওঁলোকৰ কথা জানিব বিচাৰিছো৷ আমি আমাৰ কথা ক’ব বিচাৰিছো, তেওঁলোকৰ কথা শুনিব বিচাৰিছো৷ কিন্তু সকলোবোৰ আমি নিজৰ মাজত ৰাখি থৈছো৷ ৰাজহুৱা মঞ্চ বা কেমেৰাৰ সন্মুখত কোৱা নাই৷ ২০২১ চনত মহামিলন কিয় নহ’ল? ২০২১ চনত একত্ৰিত হ’ব নোৱাৰিলো সেই কথা আমি বুজিব বিচাৰিছো৷ ২০২১ চনত যদি আমি একত্ৰিত হ’ব পাৰিলোহেঁতেন তেন্তে আজি আমাৰ চৰকাৰ থাকিলহেঁতেন৷ ভুল হ’ল৷ তাত আমাৰো দায়িত্ব আছে৷ যি কাম সেই সময়ত কৰিব নোৱাৰিলো৷ সেই একেটা ভুলকে আমি পুনৰ নকৰো৷ সেই বাবে আমি অকণমান কৌশলেৰে আগুৱাই যাব বিচাৰিছো৷ আজিকালি পেগাচাছ ছফটৱেৰ আছে, চিআইডি আছে, বিটিম, ভোট কাটাৰ আছে৷ মই যেতিয়া ৰাজনীতিত সোমাইছিলো তেতিয়া বি-টিম কি বুজি পোৱা নাছিলো৷ আমাৰ সন্মুখৰ পৰা ৰাজনীতি হয়৷ যেতিয়া মই ৰাজনীতিত সক্ৰিয় হ’লো তেতিয়া বি-টিম, চি-টিম, ভোট কাটাৰ সকলো গম পালে৷ এই কথা সকলোৱে বুজি আগুৱাব লাগিব৷ বিহাৰত ভোটাৰ তালিকাত পুনৰীক্ষণ কৰাৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে অসমতো তেনেদৰে ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব পাৰে৷ তাৰ বাবে সজাগ হৈ থাকিব লাগে৷ কিন্তু মই ক’ব খোজো যে কাইলৈ নহয়, আজিয়েই অসমত তেনে হৈ আছে৷ অসমত ভোটাৰ তালিকাৰ নামত বিসংগতি সংঘটিত হোৱাৰ প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে আজি যদি চাই বহু লোকৰ নাম ভোটাৰ তালিকাত নাপাব৷ যিসকলে লোকসভাত ভোট দিলে তেওঁলোকে পঞ্চায়তত ভোট দিব নাপালে৷ নিৰ্বাচন আয়োগৰ চয়তানি এতিয়াৰ পৰাই আৰম্ভ হৈছে৷ ভোটাৰৰ ওপৰত আৰএছএছে আক্ৰমণ কৰিছে৷ আজি আমাৰ মুখ্য দায়িত্ব হৈছে ৰাইজৰ মাজত বৃহৎ সজাগতা আনিবৰ বাবে কাম কৰিব লাগে৷ অভিযান আৰম্ভ কৰিব লাগে৷ যিয়ে য’ত যি ধৰণে কাম কৰি আছে তেওঁলোকে মানুহক বুজাব লাগে কেনেদৰে নিৰ্বাচন আয়োগৰ ৱেবছাইট খুলিব লাগে৷ ইপিআইচি নম্বৰ ক’ত দৰকাৰ হ’ব, ৱেবছাইট খুলি কেনেদৰে ভোট তালিকাত নিজৰ নাম আছে নে নাই সেয়া চাব পাৰিব৷ যদি নাই তেন্তে কেনেদৰে নাম অন্তৰ্ভুক্ত কৰিছে সেই কথা বুজাব লাগিব৷ মই ব্যক্তিগতভাৱে খবৰ পাইছো যে ইতিমধ্যে প্ৰথম পৰ্যায়ত পৰীক্ষণৰ কাম হৈ গৈছে৷ পুনৰ দ্বিতীয় পৰ্যায়ৰ পুনৰীক্ষণ আৰম্ভ হৈছে৷ গৌৰৱ গগৈয়ে দাবী কৰি কয় যে আমাৰ ভোটাৰ তালিকাত ২০ শতাংশ মানুহৰ নাম নাই৷ ২০ শতাংশ নাম উৰুৱাই দিছে৷ আজি কৃষক, নাগৰিকে এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে এজনো অসমীয়া, এজনো ভাৰতীয়ৰ ভোট দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি ল’বলৈ নিদিও৷ অমাৰ দায়িত্ব আমি সকলোৱে ল’ব লাগিব৷ ৰাইজে আমাক ভোট দিব বিচাৰে৷ আজি ট্ৰাইবেলৰ মাটিত হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিছে৷ ক’ৰবাত ৯ হাজাৰ বিঘা, ক’ৰবাত ১৮ হাজাৰ বিঘা, ক’ৰবাত ১২ হাজাৰ বিঘা, ক’ৰবাত ৬ হাজাৰ বিঘা ল’ব বিচাৰিছো৷ কিয়নো ট্ৰাইবেল মানুহৰ ওচৰত ভূমি পট্টা নাই৷ স্বায়ত্ব শাসিত পৰিষদৰ নেতৃত্ব ইমানে দুৰ্বল যে হিমন্ত বিশ্ব শৰ্মাই যি মেছেজ দিয়ে তাকেই কৰিবলৈ বাধ্য হয়৷ নিজৰ জনজাতিৰ সৈতে বিশ্বাসঘাতকটা কৰিছে৷ আমি অসমৰ খিলঞ্জীয়াৰ মাটি হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি লৈ যাবলৈ নিদিও৷ মানুহৰ স্বাভিমান আছে, আকাংক্ষা আছে, সপোন আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৰু-গাহৰিৰ কথা কৈ আমাৰ আশাবোৰত চেঁচা পানী পেলাইছে৷ সমাজত বিভ্ৰান্তি কৰিব বিচাৰিছে৷ আমি ৰাইজক বুজাব লাগিব যে আমি আৰএছএছৰ জালত ভৰিব দিব নালাগে৷ অহা বছৰ এই সাম্প্ৰদায়িক চৰকাৰক বিদায় দিম৷ বড়ো মানুহ, কাৰ্বি মানুহৰ আৱেগ কি আমি বুজিব লাগিব৷ আমি বুজিব লাগিব ৰাভা মানুহৰ আৱেগ কি? লখিমপুুৰত সোণোৱাল-কছাৰী মানুহৰ আৱেগ কি? আমি এই কথা ক’ব লাগিব যে আমি সংবিধানক সন্মান দিব লাগে৷ সকলো নাগৰিকক সম-অধিকাৰৰ দিয়াৰ কথা ক’ব লাগিব৷ হিন্দু-মুছলমান, খ্ৰীষ্টান, বৌদ্ধিক, বঙালীভাষী সকলোকে আমি সমমৰ্যাদাৰে জীয়াই থাকিব দিয়াৰ প্ৰতিশ্ৰুতি দিব লাগিব৷ ক্ষমতা আহিব, ক্ষমতা যাব৷ কিন্তু কংগ্ৰেছে সকলোৰে হৈ মাত মাতিব৷ অসমত মণিপুৰৰ দৰে পৰিস্থিতি কৰিবলৈ নিদিও৷ অসমক দ্বিতীয় মণিপুৰ হ’বলৈ নিদিও৷ আজি আমি অসমত দ্বিতীয় মণিপুৰ হ’বলৈ গৈ থকা দেখিছো৷ কাৰ্বি আংলঙত মিনি মণিপুৰ সৃষ্টি কৰিব বিচাৰিছে৷ কোকৰাঝাৰ-ওদালগুৰিত মণিপুৰৰ দৰে পৰিস্থিতি কৰিব বিচাৰিছে৷ আমি তেনে হ’বলৈ দিব নোৱাৰো৷ আমি আমাৰ লোকসকলৰ সৈতে বিশ্বাসঘাতকটা কৰিবলৈ দিব নোৱাৰো৷ আমি মিত্ৰতাৰ কথা পতাৰ সময়ত সকলো কথা পাতিব লাগে৷ আদৰ্শৰ মিল হ’ব লাগে, সমন্বয় গঢ়িব লাগে৷ আমাৰ কথা নহয়, কামৰ জৰিয়তে প্ৰমাণ কৰিব লাগে যে সকলোৱে সমাজৰ শুভ চিন্তক৷ বাগানত আমি কাম কৰিব লাগে৷ আৰএছএছে কাম কৰি গৈছে৷ এইবোৰহে আমাৰ মূল লক্ষ্য হ’ব লাগে৷ য’ত আৰএছএছ সোমাইছে, তাত আমিও সোমাব লাগিব৷ আমি ৰাইজক বুজাব লাগিব৷ বিহাৰত ভোটাৰ তালিকা সলনি কৰিছে৷ তাৰ বাবে আজিৰে পৰা আমি ভোটাৰ তালিকাত গুৰুত্ব দিব লাগে৷ আমি স্বীকাৰ কৰিছো৷ আমি সকলো কথা নাজানো৷ আজি মই ঘোষণা কৰিছো যে আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলে৷ সকলোৰে লগত কথা পাতি আগবাঢ়ি যাব লাগিব৷