কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ মৃত্যুত ৰাইজৰ দলৰ শোক
ৰঙিলী বাৰ্ত্তাসেৱা- পুৱতি নিশা বিশিষ্ট বুদ্ধিজীৱি, প্ৰগতিশীল লেখক তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে তেওঁৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে ভৰালী ছাৰৰ মৃত্যুত অসমে প্ৰগতিশীল চিন্তাধাৰাৰ এজন আগশাৰীৰ চিন্তানায়কক হেৰুৱালে। সভাপতি গগৈয়ে তেওঁৰ ব্যক্তিগত জীৱনত ভৰালী ছাৰৰ প্ৰভাৱৰ উল্লেখ কৰি কয় যে তেওঁৰ সংগ্ৰামী জীৱনৰ বাবে ভৰালী ছাৰ কেৱল মাৰ্গদৰ্শকেই নহয়, ছাৰ নিজৰ পিতৃতুল্য আছিল। উদয়াদিত্য ভৰালীৰ বাসগৃহত পুৱাই উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ৰাইজৰ দলে কালিৰ পৰা তিনিদিনাকৈ পতাকা অৰ্ধনমিত ৰাখি প্ৰয়াত ভৰালী দেৱলৈ শ্ৰদ্ধা জনায়।