অভিভাৱক সন্তানৰ শত্ৰু নেকি?
অৰ্ণৱ কটকী
জাঁজী ,যোৰহাট
একাংশ সন্তান আৰু অভিভাৱকৰ সম্পৰ্কৰ মাজত আজি দিনত দেখা গৈছে এক বৃহৎ ফাট। কোনো সন্তান জন্মতে বেয়া হৈ নাহে। যান্ত্ৰিক পৃথিৱীত আমি চাকৰী মূখী বা আনতকৈ ভাল নম্বৰ লাভ কৰাৰ কথা সিহঁতক সৰুতেই মূৰত ভৰাই দিছোঁ আৰু তাৰ বাবে অতি যান্ত্ৰিক হবলৈ বাধ্য কৰাইছো।
ভুল অকল সন্তানৰ নাই, মৰম কৰাটোও অপৰাধ নহয় নিজৰ সন্তানক। মৰমৰ নামত সকলো দাবী পূৰণ কৰিবলৈ গৈ আমি বাৰু সন্তানৰ আৱেগ, অনুভূতি নিঃশেষ কৰি আছোঁ নেকি! সন্তানে বিচাৰিলেই সকলো দিয়াটোৱেই অভিভাৱকৰ শেষ দায়িত্ব নেকি? মোৰ সন্তান মোৰ কথা বুলি আজি কালি প্ৰায়ে শুনিব পোৱা যায় একাংশ অভিভাৱকৰ মুখত হয়তো সেই সন্তানটিৰ সেইদিনাৰ পৰাই বিপথে যোৱাৰ প্ৰথম উৎসাহ পায়।
বন্ধুত্ব মূলক সম্পৰ্ক ৰক্ষা কৰক আপোনাৰ সন্তানৰ সৈতে। মৰমৰ সমানে অনুশাসন বৰ্তাই ৰখাৰ চেষ্টা কৰক। প্ৰতিটো খৰচৰ হিচাপ ৰাখক, অতি প্রয়োজনীয় কি তাক নিৰ্বাচন কৰি সন্তানৰ হাতত তুলি দিয়াৰ চেষ্টা কৰক। প্ৰতি সময় খবৰ ৰাখক, যদি আঁতৰত থাকে তেনে সামাজিক মাধ্যম যোগে নাইবা ব্যক্তিগত ভাৱে গৈ খবৰ ৰাখক। আপুনি আপোনাৰ সন্তানৰ শত্ৰু নহয় নাইবা আপোনাৰ সন্তান আপোনাৰ শত্ৰু নহয়। সন্তানৰ মানসিক মনটোৰ কথা বুজিব চেষ্টা কৰক।আপোনাৰ সপোন আপোনাৰ সন্তানক জাপি নিদিব। মানৱতা শিক্ষা লগতে পৰিয়ালৰ সংস্কাৰৰ শিক্ষা দিয়ক বিভিন্ন ধৰণৰ কাম আৰু কথাৰে। হেঁচা বা কঠোৰ শাসনেৰে অকল সন্তানক ভাল পথত আনিব নোৱাৰি, মৰমৰ মাজেৰে ঘৰত এটা পৰিৱেশ প্ৰদান কৰক য’ত আপোনাৰ সন্তানে সকলো কথাই প্ৰকাশ কৰিব পাৰে।
প্ৰতি দিনে বাতৰিত শুনি থকা কথা বিলাকে আমনি কৰে মনত। ক’ত কোনে ভুল কৰিলে হয়তো তাৰ উত্তৰ বিচাৰিবও সময় নাথাকে কিছু ঘটনা পৰিঘটনাত। সংস্কাৰ দিয়ক, সমাজ দিয়ক সন্তানক আৰু আপোনাৰ সময় দিয়ক চাব কোনো সন্তানেই বিপথে পৰিচালিত নহয়। সন্তানক নিজৰ মতে উৰিব দিলেও চাব যাতে ভৰি মাটিত ৰাখিহে উৰিব খোজে।