চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন

চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন
বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় পূর্ণাংগ কার্যনির্বাহক অধিৱেশনখন ৬ জুলাইত বঙাইগাঁও শোধনাগাৰৰ চৌহদ, চিৰাঙৰ ঢালিগাঁৱত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হ’ব। উক্ত অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদক, বিষয়ববীয়াসকলৰ লগতে অসমৰ প্ৰতিখন জিলাৰ পৰা কেন্দ্ৰীয় কার্যনির্বাহক সদস্য সদস্যাসকলে অংশগ্রহণ কৰিব। চিৰাং জিলাৰ অন্তর্গত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্রত অনুষ্ঠিত হ’বলগীয়া “অসম সাহিত্য সভাৰ’ কার্যনির্বাহক সভাখন সূচাৰুৰূপে সু-সম্পন্ন কৰাৰ উদ্দেশ্যে ইতিমধ্যে উপেন ৰায়ক সভাপতি আৰু ধৰ্মেশ্বৰ দাসক সম্পাদক হিচাপে লৈ অভ্যর্থনা সমিতিয়ে প্ৰস্তুতি তুংগত বুলি জানিব পৰা গৈছে। অসম সাহিত্য সভাৰ বাৰ্তা, স্মৃতি গ্ৰন্থ ‘চিৰাং জ্যোতি’ৰ লগতে বহুকেইখন গ্ৰন্থ উন্মোচন হ’বলগা বৈঠকখনত সমূহ কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতি কামনা কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। উল্লেখ্য যে উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে বুলি সভাৰ এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে।