অসম নাগৰিক সমাজৰ সংবাদ মেল
স্বেচ্ছাচাৰী চৰকাৰক বিদায় দিব লাগে
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজৰ এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত, উল্লেখ কৰি কাইলৈৰ প্ৰতিবেদন মৰ্মে ৫ আৰু ৬ জুলাইত দিনৰ ১১:০০ বজাৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অসমৰ প্ৰতিখন জিলাৰ বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ চেমিনাৰ হলত এখন সাধাৰণ সভা আৰু ৬ জুলাইত প্ৰকল্পৰ মুখ্য প্ৰেক্ষাগৃহত প্ৰায় ৮০০/১০০০ প্ৰতিনিধিৰ উপস্থিতিত আন এখন নাগৰিক সভা অনুষ্ঠিত কৰিব। তেওঁলোকৰ মূল লক্ষই হৈছে এই স্বেচ্ছাচাৰী চৰকাৰক বিদায় দিয়া। আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে এই নাগৰিক সভাত ‘দাবী চনদ’ আৰু ‘শ্বেত পত্ৰ’ প্ৰস্তুত কৰিব। এই অনুষ্ঠানত বিৰোধী ৰাজনৈতিক দল সমূহক নিমন্ত্ৰণ কৰাটো বিচাৰাধীন হৈ আছিল যদিও শেষ পৰ্য্যায়ত আমন্ত্ৰণ মৰ্মে বিৰোধী ৰাজনৈতিক দল সমূহেও অংশগ্ৰহণ কৰিব।অনুষ্ঠানত মুখ্য বক্তা হিচাবে সমাজ কৰ্মী ক্ৰমে, যোগেন্দ্ৰ যাদৱ, বিজয় মহাযন আদি বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰিও ডঃ হীৰেন গোহাঁইকে আদি কৰি ৰাজ্যৰ ভালে কেইগৰাকী আগশাৰীৰ বিশিষ্ট ব্যক্তি, বুদ্ধিজীবী উপস্থিত থাকিববুলি তেওঁলোকে উল্লেখ কৰে। আজিৰ সংবাদ মেলত অজিৎ কুমাৰ ভূঞা, ডঃ হীৰেন গোহাঁই, ডঃ আব্দুল মান্নান আৰু পৰেশ মালাকৰ তথা সাংবাদিক সহ প্ৰায় ৩০ গৰাকী লোক উপস্থিত আছিল।