পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱ নেচনেল বেংক (পিএনবি) কেলেংকাৰিৰ সৈতে জড়িত অন্যতম অভিযুক্ত তথা পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। আমেৰিকাৰ কৰ্তৃপক্ষই ভাৰত চৰকাৰক জনাইছে যে পলাতক ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক ৪ জুলাইত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰ ভাৰতৰ দুটা প্রধান সংস্থা ইডি (ED) আৰু চিবিআই (CBI)-ৰ পৰা কৰা প্ৰত্যর্পণৰ অনুৰোধৰ ভিত্তিত হৈছে। নেহাল মোদীৰ বিৰুদ্ধে দুটা গুৰুতৰ অভিযোগত প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া চলি আছে আমেৰিকাত। প্ৰথমটো হ’ল ধন সৰবৰাহ, যিটো ভাৰতৰ ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ) ২০০২ৰ ৩ নং ধাৰাৰ অধীনত। দ্বিতীয়টো হৈছে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা, যাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০-বি আৰু ২০১ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদন্তকাৰী সংস্থাসমূহে জনোৱা মতে, দেশৰ ভিতৰতে সৰ্ববৃহৎ বেংকিং কেলেংকাৰী হিচাপে বিবেচিত পিএনবি কেলেংকাৰীত নেহাল মোদীক বিচৰা হৈছে। নেহালে তেওঁৰ ভাতৃ নীৰৱ মোদীক শ্বেল কোম্পানীৰ জৰিয়তে বহিঃৰাষ্ট্ৰলৈ হাজাৰ হাজাৰ কোটি টকাৰ ক’লা ধন স্থানান্তৰিত কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও তেওঁ কেলেংকাৰিৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰও ধ্বংস কৰাৰ চেষ্টা চলাইছিল।নেহাল মোদীৰ প্ৰত্যর্পণ শুনানিৰ পৰৱৰ্তী তাৰিখ ১৭ জুলাই, ২০২৫ নিৰ্ধাৰণ কৰা হৈছে। সেইদিনা আমেৰিকাৰ আদালতত এটা ষ্টেটাছ কনফাৰেন্সৰ অনুষ্ঠিত হ’ব। তেওঁ জামিনৰ বাবে আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে যদিও আমেৰিকাৰ পক্ষই ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে তেওঁৰ জামিনৰ বিৰোধিতা কৰিব। ভাৰত চৰকাৰে নেহাল মোদীক অতি সোনকালে ভাৰতলৈ অনাৰ চেষ্টা চলাইছে যাতে পিএনবি কেলেংকাৰীত নেহাল মোদীয়ে লোৱা ভূমিকাৰ বিচাৰ আৰম্ভ কৰিব পাৰে।