মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র-শস্ত্র উদ্ধাৰ নিৰাপত্তা বাহিনীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র-শস্ত্র উদ্ধাৰ নিৰাপত্তা বাহিনীৰ। বিশেষ গোপন সূত্ৰৰ আধাৰত মণিপুৰ আৰক্ষী, আছাম ৰাইফলছ, ভাৰতীয় সেনা আৰু চিএপিএফৰ দলে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ পাহাৰীয়া জিলা টেংনোপল, কাংপকপি, চাণ্ডেল আৰু চূড়াচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ২০৩ আগ্নেয়াস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৩ জুলাইৰ মাজনিশাৰ পৰা ৪ জুলাইৰ পুৱালৈকে চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰা অবৈধ মাৰণাস্ত্র ২০৩ৰ ভিতৰত আছে ২১টা ইনছাছ ৰাইফল, ১১টা এ কে ছিৰিজৰ ৰাইফল, এছএলআৰ ২৬টা, ২টা স্নিফাৰ ৰাইফল, ৩টা কার্বাইন, ১৭টা পিটি ৩০৩ ৰাইফল, ৫১ এম এম মর্টাৰ্ছ ২টা, এম এ এছাল্ট ৰাইফল ২টা, এম ৭৯ গ্রেনেড লাউঞ্চাৰ ৩টা, ৰাইফল উইথ স্ক’প ১টা, ছিংগল ছট ব্রিছ ল’ডেড ১৮টা, ছিংগল বেৰেল ব’ল্ট একচন ১১টা, পিষ্টল ৬টা, পিষ্টল ২২ ৰাইফলছ ১টা, লাথোৰে ২টা, ছিংগল ব’ৰ গান ২৫টা, দেশীয়ভারে নির্মিত পিষ্টল ৩টা, মাজল ল’ডেড ৰাইফল ৪টা, ছিংগল ব’ৰ ৬টা, পম্পি গান ৩৮টা আৰু লাথোৰে এটা। ইয়াৰ লগতে ৫.৫৫ ৰাউণ্ডৰ গুলী ২৯টা, ৭.৬২ এমএম ৰাউণ্ডৰ ৮০টা, আইইডি ষ্টিক ৩০টা, হেণ্ড গ্রেনেড ১০টা, পম্পি ছেলছ ৯ আৰু লাথোৰে গ্রেনেড দুটা আছে। মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, চোৰাংচোৱা সূত্ৰৰ আধাৰত এই অভিযান চলোৱা হৈছিল। অবৈধ মাৰণাস্ত্র সন্দর্ভত কিবা তথ্য পালে বা সন্দেহজনক কিবা প্রত্যক্ষ কৰিলে স্থানীয় নাগৰিকসকলক সজাগ আৰু সচেতন হৈ ওচৰৰ আৰক্ষী থানা তথা কেন্দ্রীয় নিয়ন্ত্রণ কক্ষত যোগাযোগ কৰিবলৈ মণিপুৰ আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান লাহৰি দৰ্জী হাটোৱে এক সংবাদ মেলযোগে আহ্বান জনায়।