কলিয়াবৰৰ জনপ্ৰিয় যুৱ কবি দিলদাৰ হুছেইন লৈ “কাব্য সৌৰভ সন্মান” প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য কাননৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ষষ্ঠ বৰ্ষৰ প্রথম বার্ষিক অধিৱেশন-২৯ জুন২০২৫ অনুষ্ঠিত হয় নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ছয় কুৰি কবি-সাহিত্যিক, শিক্ষাবিদ আৰু সমাজকর্মীয়ে অংশগ্ৰহণ কৰে। সভাত সভাপতিত্ব কৰে নগাঁও সাহিত্য কাননৰ সভাপতি অশোক ৰাম ভট্টাচাৰ্যই। সভাৰ আঁত ধৰে নগাঁও সাহিত্য কাননৰ প্ৰতিষ্ঠাপক তথা সম্পাদক হাইছ উদ্দিন আহমেদে। সভাত অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট কবি তথা সমাজকর্মী মেৰাজ ৱাছিকুৰ ৰহমান, উমাৰাম দাস, ড° হিতেশ গোস্বামী, ড° ইকবাল হুছেইন খান আৰু জ্যোৎস্না ৰাণী বেগমে। কবিতা পাঠ, সাহিত্যালোচনা গ্রন্থ উন্মোচনৰ উপৰি কেইবাগৰাকী লেখক-লেখিকা, শিক্ষাবিদ, সমাজকর্মী আৰু সাংবাদিকক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হয়।

নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলী অঞ্চলৰ জনপ্ৰিয় যুৱ কবি দিলদাৰ হুছেইন লৈ”কাব্য সৌৰভ সন্মান” প্রদান কৰা হয়। আনকি 22 জুনত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত সহস্ৰ_কবিৰ_সহস্ৰ_কবিতাত সংস্কাৰ ধ্বনি ফাউণ্ডেচনৰ India_Book_Of_Recordsত জনপ্ৰিয় যুৱ কবি দিলদাৰ হুছেইন নাম ও কবিতাই স্থান লাভ কৰিছে।
