পাঁচ দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পাঁচ দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  পাঁচখন দেশৰ কাৰ্যসূচীৰে বুধবাৰে বিদেশ ভ্ৰমণলৈ উৰা মাৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰী মোদী প্ৰথমে ঘানাত উপস্থিত হ’ব ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিৰ জৰিয়তে এই কথা জনাইছে ৷ ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে । উদীয়মান অৰ্থনীতিৰ মাজত সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ব্ৰিকছৰ প্ৰতি ভাৰত দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উৰা মৰাৰ পূৰ্বে অৱগত কৰে ।মোদীয়ে কয় ‘‘আমি একেলগে অধিক শান্তিপূৰ্ণ, সমতাপূৰ্ণ, ন্যায়সংগত, গণতান্ত্ৰিক আৰু সুষম বহু মেৰু বিশ্ব ব্যৱস্থাৰ বাবে চেষ্টা কৰো ।’’ সপ্তাহজোৰা এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাৰ আমন্ত্ৰণমৰ্মে তেওঁ ২ আৰু ৩ জুলাইত দেশখনত উপস্থিত থাকিব । ঘানা হৈছে গ্ল’বেল চাউথৰ এক মূল্যৱান অংশীদাৰ আৰু ই আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ঘানা ভ্ৰমণৰ পিছত পৰৱৰ্তী দুদিনৰ বাবে প্ৰধানমন্ত্ৰী মোদী ট্ৰিনিদাদ আৰু ট’বাগোত থাকিব ৷ ইয়াৰ পিছত মোদীয়ে বুয়েনছ আয়াৰ্ছলৈ যাত্ৰা কৰিব, যিটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আৰ্জেণ্টিনালৈ ৫৭ বছৰৰ ভিতৰত প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ । ইয়াৰ পিছত ৬-৭ জুলাইত প্ৰধানমন্ত্ৰী  মোদীয়ে ৰিঅ’ দে জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাৰ সৈতে বৈঠকত অংশ ল’ব। এই বৈঠকে গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ বিষয়সমূহ আগবঢ়াব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্রধানমন্ত্রী মোদীয়ে নামিবিয়াৰ ৰাষ্ট্ৰপতি নেতুম্বো নান্দি-এনডাইটৱাহৰ সৈতে বৈঠক কৰিব আৰু নামিবিয়ান সংসদত ভাষণ প্রদান কৰিব। এই ভ্ৰমণৰ লক্ষ্য হ’ল উপনিবেশবাদ-বিৰোধী ঐতিহাসিক সম্পর্ক উদযাপন আৰু আঞ্চলিক সহযোগিতা বৃদ্ধি কৰা।