ভালপোৱাৰ অনুভূতি – আয়শা ছিদ্দিকা

ভালপোৱাৰ অনুভূতি

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

কিনকিনীয়া বৰষুণৰ বতৰত
দেখিছিলো তোমাৰ মায়াসনা
কোমল মৃদু হাস্যোজল মুখখন
এজাক শীতল বতাহে মোৰ
বুকু শাত পেলায় চিলাউৰা দি
উৰি গ’ল যেন অনুভৱ হ’ল
বৰষুণত ৰাস্তাৰ কাষৰত হোৱা
বোকাখিনিও ভাল লাগি আছে
উচ্চস্বৰে বজোৱা যান-বানৰ হৰ্ণ
মোৰ কৰ্ণ কক্ষত মধুৰ সুৰৰ
গানৰ লহৰ বোৱা যেন লাগিছে
চৌদিশৰ পৰিৱেশ আৰু ৰংচঙীয়া
ৰংধনুৰ ৰঙে ৰঙীন হৈ উলাহত
কিৰিলিয়াই কিৰিলিয়াই নাচিছে
প্ৰকৃতিয়েও তালে তালে ছেও
মিলায় মিলায় নৃত্যত হৈছে মগ্ন ….