অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কটন বিশ্ববিদ্যালয় গোটৰ উদ্যোগত ড° ভূপেন হাজৰিকা মেম’ৰিয়েল ব্যক্তিত্ব বিকাশ শিবিৰৰ আয়োজন

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কটন বিশ্ববিদ্যালয় গোটৰ উদ্যোগত ড° ভূপেন হাজৰিকা মেম’ৰিয়েল ব্যক্তিত্ব বিকাশ শিবিৰৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কটন বিশ্ববিদ্যালয় শাখাৰ উদ্যোগত আৰু যোগ্যতা বিকাশ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া ৪ দিনীয়া ব্যক্তিত্ব বিকাশ শিবিৰৰ উদ্ধোধনী অনুষ্ঠান বিশ্ববিদ্যালয়ৰ চেমিনাৰ হলত হৈ যায়। বিশিষ্ট গায়িকা আৰু সাংস্কৃতিক – সামাজিক কৰ্মী মণীষা হাজৰিকা, বিশ্ববিদ্যালয়ৰ প্ৰতি-উপাচাৰ্য ড° গণেশ চন্দ্ৰ ৱাৰী, পঞ্জীয়ক ড° অৰিন্দম গাৰ্গ, ছাত্ৰ কল্যাণৰ পঞ্জীয়ক, মনোবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা তথা ABVP গুৱাহাটীৰ উপ সভাপতি ড° ডিম্পী মহন্ত, যোগ্যতা বিকাশ কেন্দ্ৰৰ অধ্যক্ষা ড° ৰুমা তালুকদাৰ আৰু বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক‌ হেৰল্ড মহন উপস্থিত থাকে।‌ ৬০ৰো‌ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত উপস্থিত থাকি অতিথি সকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহু সাৰগৰ্ভ পৰামৰ্শ আগবঢ়ায়। মণীষা হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন হাজৰিকাৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰে । উল্লেখ্য যে এই ব্যক্তিত্ব বিকাশ শিবিৰ অহা‌ ২৯ লৈকে, Public Speaking, ভাৰতৰ গৌৰৱময় ইতিহাস, কেৰিয়াৰ কাউন্সেলিং, Communication Skills আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ চলিব ।