মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই। উল্লেখ্য যে ডিব্ৰুগড়ত কংগ্ৰেছৰ এখন সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিণিকি ভূঞা শর্মাই মা কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ধন সংগ্ৰহ কৰাৰ এক অভিযোগ উত্থাপন কৰিছিল। মীৰা বৰঠাকুৰ গোস্বামীৰ উক্ত মন্তব্যক লৈয়ে আদালতত ৰিণিকি ভূঞা শৰ্মাই অপৰাধমূলক মানহানিৰ এক গোচৰ ৰুজু কৰে। মীৰা বৰঠাকুৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে আদালতত অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিণিকি ভূঞা শৰ্মাই । অহা ১৮ আগষ্টত গোচৰটোৰ শুনানিৰ দিন স্থিৰ কৰা হৈছে। উক্ত দিনা আদালতত উপস্থিত হ’ব লাগিব মীৰা বৰঠাকুৰ গোস্বামী। এই সন্দৰ্ভত ৰিণিকি ভূঞা শর্মাই সংবাদ মাধ্যমৰ আগত কয়- মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে অভিযোগ তুলিছিল যে মা কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় ধামৰ পৰা মই ধন সংগ্ৰহ কৰোঁ। মই ভাবোঁ, এয়া বৰ নিকৃষ্ট কথা। এগৰাকী মহিলা হৈ আন এগৰাকী মহিলাক এনেধৰণৰ মন্তব্য কৰাটো দুর্ভাগ্যজনক।  ৰাজনৈতিক ক্ষেত্ৰত থকা হেতুকে তেওঁলোকে আমাৰ নাম লৈ বহু কথা কৈ থাকে। সেইবোৰৰ প্ৰতি মোৰ ক’বলগীয়া একো নাই। কিন্তু শেহতীয়াকৈ তেওঁ যি ভাষাৰে এই বক্তব্য প্রকাশ কৰিলে যে মই মা কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় ধামৰ পৰা ধন সংগ্ৰহ কৰোঁ, এয়া অতি নিকৃষ্ট ৰাজনৈতিক কথা। এই বক্তব্য অসমীয়া সমাজত কেতিয়াও গ্রহণযোগ্য নহয়। এগৰাকী অসমীয়া নাৰী হিচাপে এই বক্তব্যৰ বিৰুদ্ধে মই সেয়েহে আদালতৰ ওচৰ চাপিছোঁ। মই যদি এনেদৰে ধন সংগ্ৰহ কৰিছোঁ বুলি তেওঁ দাবী কৰে, তাক প্ৰমাণ কৰক। মীৰা বৰঠাকুৰ গোস্বামীৰ এই বক্তব্যৰ বাবে মই শেষ পর্যন্ত আদালতত যুঁজ দিম।