হেডিংলে টেষ্টত ৫ উইকেটত পৰাস্ত টীম ইণ্ডিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টেষ্ট মেচৰ প্ৰথমখন টেষ্টতে পৰাজয়ৰ সন্মুখীন হ’ল শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়া।হেডিংলেত অনুষ্ঠিত টেষ্টখনত গিল বাহিনীয়ে ৫ উইকেটত পৰাজয় স্বীকাৰ কৰে। টেষ্টখনত বিজয় সাব্যস্ত কৰি ইংৰাজ বাহিনীয়ে শৃংখলাটোত ১-০ৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। টেষ্টখনত বেন ষ্ট’কছ বাহিনীৰ জয়ৰ মূলতে হ’ল অ’পেনাৰ বেন ডাকেটৰ দুর্দান্ত শতকৰ লগতে আনগৰাকী অ’পেনাৰ জেক ক্ৰ’লে আৰু জ’ ৰুটৰ অর্ধশতক। ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ৩৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইংলেণ্ড বাহিনীয়ে চতুর্থ দিনা কোনো উইকেট নেহেৰুৱাকৈ কৰা ২১ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি পঞ্চম তথা অন্তিম দিনা চাহ বিৰতিৰ পিছতেই ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। আগদিনাৰ অপৰাজিত বেটাৰৰ্দ্ধয় ক্ৰ’লে আৰু ডাকেটে পঞ্চম দিনাও সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰে আৰু প্ৰথম উইকেটৰ যুটিত ১৮৮ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল। ক্র’লেই ৬৫ ৰানত পেভিলিয়নমুখী হয় যদিও ডাকেটে সুন্দৰ বেটিং প্ৰদৰ্শন দাঙি ধৰি শতক অৰ্জন কৰে। ডাকেটে ১৭০টা বলত ২১টা চাৰি আৰু ১টা ছয়েৰে ১৪৯ ৰান কৰে। ক্ৰ’লে আউট হোৱাৰ কিছু সময়ৰ পিছত অ’লি প’পক হেৰুৱাই ইংলেণ্ডে কিছু চাপত পৰিছিল যদিও ডাকেটে ৰুটৰ সৈতে লগ লাগি দলৰ বিপৰ্যয় ৰোধ কৰে। প’পে মাত্র ৮ ৰান কৰি পেভিলিয়নমুখী হয়। ডাকেট আৰু ৰুটে তৃতীয় উইকেটত ৪৭ ৰান কৰে। ডাকেট আৰু হেৰী ব্রুক মাত্ৰ দুটা বলৰ ব্যৱধানত আউট হোৱাত দলটো পুনৰ চাপত পৰিছিল যদিও ৰুটে অধিনায়ক বেন ষ্ট’কছৰ সৈতে পঞ্চম উইকেটত ৪৯ আৰু জেমি স্মিথৰ সৈতে ষষ্ঠ উইকেটত অপৰাজিতভাৱে ৭১ ৰান কৰি দলৰ জয় নিশ্চিত কৰে। অধিনায়ক ষ্ট’কছে ৩৩ ৰান কৰি বিদায় লয় যদিও ৰুটে ৫৩ ৰান আৰু জেমি স্মিথে ৪৪ ৰান কৰি অপৰাজিত হৈ থাকে। টীম ইণ্ডিয়াৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু শ্বাদুল ঠাকুৰ উভয়ে দুটাকৈ উইকেট লাভকৰাৰ লগতে ৰবীন্দ্ৰ জাদেজাই এটা উইকেট লাভ কৰে। উল্লেখ্য যে যশস্বী জয়ছোৱাল, শুভমন গিল আৰু ঋষভ পণ্টৰ শতকৰ সহায়ত ভাৰতে ৪৭১ ৰানত প্ৰথম ইনিংছ সামৰাৰ প্ৰত্যুত্তৰত অ’লি প’পৰ শতকৰ সহায়ত ইংলেণ্ডে ৪৬৫ ৰানত প্রথম ইনিংছ সামৰিছিল। ইফালে, কে এল ৰাহুল আৰু ঋষভ পণ্টৰ শতকৰ সহায়ত ভাৰতে ৩৬৪ ৰান কৰি দ্বিতীয় ইনিংছ সামৰিছিল।