ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ দিলীপ দোশীৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰাক্তন বাওঁহতীয়া স্পিনাৰ দিলীপ দোশীৰ দেহাৱসান। সোমবাৰে লণ্ডনত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে দিলীপ দোশীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। দিলীপ দোশীৰ মৃত্যুত ভাৰতীয় ক্ৰিকেটক লৈ গভীৰ শোকৰ ছাঁ পৰিছে। ভাৰতীয় বাওঁহতীয়া প্ৰাক্তন স্পিনাৰগৰাকীয়ে ৩৩খন টেষ্ট আৰু ১৫খন এদিনীয়া মেচ খেলিছিল। ১৯৭৯ চনত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটিছিল দোশীৰ। অভিষেক মেচত প্ৰথম ইনিংছত ৬টা উইকেট দখল কৰিছিল দোশীয়ে। দ্বিতীয় ইনিংছত ২ দুটা উইকেট দখল কৰিছিল। ১৯৮৩ চনলৈকে ভাৰতৰ হৈ ৩৩খন টেষ্ট খেলি ১১৪টা উইকেট দখল কৰিছিল দোশীয়ে। তেওঁৰ টেষ্ট কেৰিয়াৰত ৬ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছিল। ১৯৮০-৮১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটিছিল দোশীৰ। এদিনীয়া ক্ৰিকেটত তেওঁৰ শ্ৰেষ্ঠ ফিগাৰ আছিল ৩০ ৰানত ৪ উইকেট। এদিনীয়া ফৰ্মেটত দিলীপ দোশীয়ে ১৫খন খেলত ২২টা উইকেট দখল কৰিছিল। ১৯৪৭ চনৰ ২২ ডিচেম্বৰত ৰাজকোটত জন্মগ্ৰহণ কৰা দোশীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বংগ আৰু সৌৰাষ্ট্ৰৰ হৈ খেলিছিল। ইংলেণ্ডত নটিংহামশ্বাৰ আৰু ৱাৰউইকশ্বাৰৰ হৈ কাউন্টি ক্ৰিকেট খেলিছিল।সৌৰাষ্ট্ৰৰ হৈ ৰঞ্জী ট্ৰফীত অভিষেক ঘটালেও ঘৰুৱা ক্ৰিকেটত তেওঁ বেছিকৈ বংগৰ হৈ খেলিছিল। ১৯৭৪ চনত অসমৰ বিৰুদ্ধে ৬ ৰানত ৬ টা উইকেট দখল কৰিছিল দোশীয়ে। মুঠতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ ৮৯৮টা উইকেট আছে।তেওঁৰ পুত্ৰ নয়ন দোশীও আছিল এজন পেছাদাৰী ক্ৰিকেটাৰ। তেওঁ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল। নয়নে ভাৰতৰ সৌৰাষ্ট্ৰৰ হৈ আৰু ইংলেণ্ডৰ ডাৰ্বিশ্বাইৰ আৰু ছাৰেৰ হৈও খেলিছিল। দিলীপ দোশীৰ মৃত্যু ভাৰতীয় ক্ৰিকেটৰ বাবে এক অপূৰণীয় ক্ষতি। ভাৰতীয় ক্ৰিকেটে চিৰদিন মনত ৰাখিব দিলীপ দোশীক।