বার্মিংহামৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক
ৰঙিলী বাৰ্ত্তাসেৱা- ইংলেণ্ডৰ বার্মিংহামৰ পৰা বিমানখন দিল্লীলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। তাৎক্ষণিকভাৱে পাইলটে বিমানখন জৰুৰী অৱতৰণৰ বাবে বাৰ্তা প্ৰেৰণ কৰে। তাৰ পিছতে বিমানখনত ছৌদি আৰবৰ ৰাজধানী ৰিয়াধত অৱতৰণৰ অনুমতি দিয়া হয়। বিমানখন ৰিয়াধত নিৰাপদে অৱতৰণ কৰাৰ পিছত তালাচী চলোৱা হয়। সংবাদ সংস্থা এএনআইক বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ এআই-১১৪ বিমানখন বার্মিংহামৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছিল। বিমানখন যেতিয়া মাজ আকাশত আছিল তেতিয়াই আহে ভাবুকি বার্তা। তাৰ পিছতে বিমানখন ৰিয়াধলৈ ওভতাই নিয়ে পাইলটে। ৰিয়াধত বিমানখন নিৰাপতে অৱতৰণ কৰোৱা হয়। ইয়াৰ পূৰ্বেও ১৩ জুনত অৰ্থাৎ এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাৰ পিছ দিনাখনেই থাইলেণ্ডৰ পৰা নতুন দিল্লী অভিমুখে বিমানত বোমাতংক বিয়পি পৰে। তাৰ পিছত পুনৰ থাইলেণ্ডলৈ বিমানখন ওভতাই নিয়া হয়। কিন্তু তালাচীৰ সময়ত বিমানখনত কোনো সন্দেহজনক বস্তু পোৱা নাছিল নিৰাপত্তাৰক্ষীয়ে। স্মৰ্তব্য যে যোৱা শুকুৰবাৰে কেইবাখনো আন্তঃদেশীয় আৰু আন্তর্জাতিক বিমানৰ উৰণ বাতিল কৰিছিল এয়াৰ ইণ্ডিয়াই।