গোৱালপাৰাত সাংসদ ৰকিবুলক পহুখেদা উচ্ছেদিত ৰাইজৰ 

গোৱালপাৰাত সাংসদ ৰকিবুলক পহুখেদা উচ্ছেদিত ৰাইজৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- খবৰ ল’বলৈ গৈ গোৱালপাৰাৰ উচ্ছেদিতৰ ৰোষত পৰিল সাংসদ ৰকিবুল হুছেইন।ক্ষোভ ইমানেই আছিল যে ৰকিবুল হুছেইনক বাহনৰ পৰা নামিবই নিদিলে উচ্ছেদিতই। সাংসদজনৰ বাহনলৈ বোকা আৰু বটল, শিল নিক্ষেপ উচ্ছেদিত ৰাইজৰ। উচ্ছেদস্থলীত সাহায্য প্ৰদানৰ বাবে গৈছিল সাংসদজন। জানিব পৰা মতে, যোৱা ১৬ মে’ত গোৱালপাৰা চহৰৰ নিকটৱৰ্তী হাচিলা বিলত হোৱা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযানৰ পাছত দেওবাৰে সাংসদ ৰকিবুল হুছেইনে লগত কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, এ কে ৰছিদ আলম, আফতাবুদ্দিন মোল্লা, যাদৱ স্বর্গীয়াৰী, আব্দুল বাতেন খন্দকাৰ, আব্দুৰ ৰহিম আহমেদৰ লগতে কংগ্ৰেছৰ বৃহৎ এটা দল হাচিলা বিলত উপস্থিত হয়। দলটোৱে পিকআপ বাহনেৰে নিয়া খাদ্য সামগ্ৰীৰ টোপোলা সাংসদ ৰকিবুল হুছেইনে উচ্ছেদিত ৰাইজক দিবলৈ আৰম্ভ কৰাৰ সময়তে ৰাইজ উত্তেজিত হৈ পৰে। শ শ পুৰুষ-মহিলা উপস্থিত থকা ঘটনাস্থলীত ৰাইজে ৰকিবুল হুছেইন গ’ বেক, বিধায়ক এ কে ৰছিদ আলম গ’ বেক, ৰকিবুল হুছেইন মুর্দাবাদ, কংগ্রেছ হায় হায় আদি বিভিন্ন শ্লোগান দিয়াতে ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে হাতে হাতে শিলগুটিৰ লগতে পথৰ বোকা লৈ বাহনত আক্ৰমণ কৰে। পাছত ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হোৱাত কংগ্ৰেছৰ দলটোৱে কোনোমতে সেই স্থান ত্যাগ কৰি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। ইফালে ৰাইজৰ আক্ৰমণত সাংসদগৰাকীৰ লগতে আন কেইবাগৰাকী বিধায়কৰ বাহন কিছু ক্ষতি হয়। ইফালে কংগ্ৰেছৰ সঁজাতী দলটোৱে আক্ৰমণৰ সময়ত পলায়ন কৰি ৰক্ষা পৰাৰ পাছতো পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি ক্ষোভ উজাৰে। ৰাইজৰ অভিযোগ- মিছা প্রলোভন দি যোৱা লোকসভা নির্বাচনত সাংসদ ৰকিবুল হুছেইনে ৰাইজৰ ভোট আদায় কৰিছিল। ৰাইজক সাংসদগৰাকীয়ে আশ্বাস দিছিল যে মই সাংসদ হ’লে গোৱালপাৰাত কেতিয়াও উচ্ছেদ নহয়। কিন্তু উচ্ছেদ হোৱাৰ এসপ্তাহ পাছত আমাক খাদ্যৰ টোপোলা দি সান্ত্বনা দিবলৈ আহিছে ৰকিবুল হুছেইনে। আমি ৰকিবুলৰ নিচিনা গাদ্দাৰক ভোট দি বহু ভুল কৰিছোঁ। আমাক চৰকাৰে উচ্ছেদ কৰি পথৰ ভিক্ষাৰী বনাইছে আৰু ৰকিবুলৰ নিচিনা গাদ্দাৰে খাদ্যৰ টোপোলা দি মন জয় কৰিব আহিছে। গতিকে আমি ৰকিবুলৰ লগতে কংগ্ৰেছক এসেকা দিমেই। ভৱিষ্যতে যাতে হাচিলা বিল অঞ্চলত কংগ্ৰেছৰ কোনো নেতাই প্ৰৱেশ নকৰে তাৰ বাবে সকীয়াই দিয়ে।

ইফালে ৰাইজৰ পহুখেদা খাই পোনে পোনে গোৱালপাৰা জিলা কংগ্রেছ কার্যালয়ত উপস্থিত হৈ এখন সংবাদ মেলৰ আয়োজন কৰি সাংসদ ৰকিবুল হুছেইনে কয় যে চৰকাৰৰ প্ৰৰোচনাৰ বাবেই আজি এই অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁ কয় যে দুর্গত মানুহক যেতিয়া কোনোবাই সহায় কৰিবলৈ যায় তেতিয়া সকলোৱে আঁকোৱালি লয়। কিন্তু গোৱালপাৰাৰ দুৰ্গত মানুহক সহায়ৰ লগতে বুজ ল’বলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি কংগ্ৰেছক স্তব্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা চলোৱা বুলি মন্তব্য কৰে হুছেইনে। গোৱালপাৰাৰ আৰু কেইবা ঠাইত উচ্ছেদ অভিযান চলোৱা হ’ব আৰু সেয়া তেওঁ জানে বুলি সংবাদ মেলত উল্লেখ কৰে। চৰকাৰৰ প্ৰধান দায়িত্ব হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰা। গতিকে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ আমি তালৈ নাযাওঁ, তেওঁলোকে আমাক বেয়া পালে পাওক, তথাপি আপুনি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰক। অহা ‘২৬ৰ নিৰ্বাচনত চৰকাৰ গঠন কৰি উচ্ছেদিত লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে।