আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ ৰাষ্ট্ৰপতিলৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ

আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ ৰাষ্ট্ৰপতিলৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইজৰাইল আৰু ইৰানৰ মাজত সামৰিক সংঘাতক লৈ ভাৰতে পূৰ্বৰে পৰা উদ্বেগ প্রকাশ কৰি আহিছে।আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু কেন্দ্ৰত বোমা আৰু ক্ষেপণাস্ত্ৰৰে আঘাত কৰাৰ পিছতে ভয়ংকৰ যুদ্ধৰ আশংকা কৰি ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানলৈ ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে টেলিফোনিক বার্তালাপত প্রধানমন্ত্রী মোদীয়ে বৰ্তমানৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। দুপৰীয়া সামাজিক মাধ্যমত এটা পোষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ বার্তালাপ হৈছে। পশ্চিম এছিয়াৰ সামগ্রিক পৰিস্থিতিক লৈ ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীক ভাৰতৰ উদ্বেগৰ কথা জনাই দিয়া বুলিও পোষ্টত উল্লেখ কৰে মোদীয়ে। উত্তেজনা প্রশমনৰ বাবে ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীক আহ্বান জনোৱা বুলি মোদীয়ে কয় যে এই মুহূর্তত আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা ওভতাই অনাৰ বাবে সকলো পক্ষই চেষ্টা চলাব লাগিব। লক্ষণীয় বিষয়টো হৈছে ইৰান-ইজৰাইলৰ সংঘাতৰ মাজতে আমেৰিকাই প্রত্যক্ষভাৱে ইৰানক আক্ৰমণ কৰাৰ পিছমুহূৰ্ততে শান্তি প্রতিষ্ঠাৰ বাৰ্তা দিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ মতে, আলোচনা আৰু কূটনীতিৰ জৰিয়তে উত্তেজনা প্রশমনৰ চেষ্টা চলাব লাগিব। ইয়াৰ গত্যন্তৰ নাই বুলিও মোদীয়ে মন্তব্য কৰে। স্মৰ্তব্য যে আজি পুৱাৰ ভাগতে আমেৰিকাই ইৰানৰ তিনিটা পৰমাণু কেন্দ্ৰত বোমা আৰু ক্ষেপণাস্ত্ৰৰে আঘাত কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া। আনকি বিভিন্ন মহলে এয়া তৃতীয় বিশ্বযুদ্ধৰ আগজাননী বুলি আশংকা প্রকাশ কৰিছে।