ডিঙিত ফুলাম গামোচা লৈ বিশাখাপট্টনমত যোগাভ্যাস প্ৰধানমন্ত্ৰীৰ

ডিঙিত ফুলাম গামোচা লৈ বিশাখাপট্টনমত যোগাভ্যাস প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ প্রতিটো প্রান্ততে ‘এক পৃথিৱী এক স্বাস্থ্যৰ কাৰণে যোগ’ শীর্ষকেৰে  ১১ সংখ্যক আন্তর্জাতিক যোগ দিৱস উদযাপন কৰা হয়।  এই যোগ দিৱস  উপলক্ষে অন্ধ্র প্রদেশৰ বিশাখাপট্টনমত ৫ লক্ষাধিক অনুৰাগীৰ সৈতে যোগ অনুশীলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ প্রধানমন্ত্রী মোদীয়ে যোগ অনুশীলনত অংশগ্ৰহণ কৰে। অসমীয়াৰ স্বাভিমান গামোচাক সদায়ে প্রাধান্য দি অহা প্রধানমন্ত্রী মোদীয়ে ইয়াৰ পূৰ্বেও যোগৰ অনুশীলনৰ সময়ত ডিঙিত গামোচা লৈ অসমক গৌৰৱান্বিত কৰিছে। প্রাচীন ভাৰতীয় যোগ অনুশীলনত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয়- অশান্ত-অস্থিৰ বিশ্বত শান্তিৰ পথ দেখুৱায় যোগে, বিশ্বক একত্ৰিত কৰে যোগে। যোগ দিৱসৰ শুভেচ্ছা জনাই প্রধানমন্ত্রী মোদীয়ে কয় যে সমগ্র বিশ্বই যোগ অনুশীলন কৰিছে। যোগৰ সাধাৰণ অৰ্থ হৈছে সংযোগ কৰা। এতিয়া যোগেই সমগ্র বিশ্বক একত্ৰিত কৰাটোৱে তেওঁক আনন্দিত কৰিছে। বৰ্তমান বিশ্বৰ বিভিন্ন অঞ্চলত অস্থিৰতা আৰু অশান্তি বৃদ্ধি পাইছে। এই পৰিস্থিতিত যোগেই শান্তিৰ পথ দেখুৱাব। যোগে কেৱল মানৱ শৰীৰ আৰু মানসিক স্বাস্থ্যই উন্নীত নকৰে। ই হৈছে পৰিৱেশমূলক আৰু জৈৱিক ভাৰসাম্যৰ সজাগতাৰো কাৰক। সকলো পৰিধি ভেদি সকলোৰে বাবে যোগ এক হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন্তর্জাতিক যোগ আন্দোলনৰ নতুন অধ্যায় আৰম্ভ হৈছে। বিশ্বই এতিয়া ‘যোগ ফৰ হিউমিনিটী ২.০’ ব্যৱহাৰ কৰিব লাগে। আভ্যন্তৰীণ শান্তি আন্তর্জাতিক নীতি হৈ পৰিছে। বিশাখাপট্টনমত যোগ অনুশীলনত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে যোগ প্রাচীন ভাৰতীয় পৰম্পৰাৰ পৰা এতিয়া গোলকীয় জীৱনশৈলী হৈ পৰিছে। ১১ বছৰৰ পাছত আমি দেখিবলৈ পাইছোঁ যোগ বিশ্বৰ কোটি কোটি নাগৰিকৰ জীৱন ধাৰণৰ এটা অংশ হৈ উঠিছে। উল্লেখ্য যে ২০১৪ চনত ৰাষ্ট্ৰসংঘক ২১ জুনত আন্তর্জাতিক যোগ দিৱস উদ্যাপন কৰিব লাগে বুলি প্রস্তাৱ আগবঢ়াইছিল। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে ভাৰতৰ এই প্ৰস্তাৱক গ্ৰহণ কৰে আৰু ই স্বীকৃত হয়। এই ঐক্যতা আৰু সমৰ্থন আজিৰ বিশ্বৰ বাবে স্বাভাৱিক ঘটনা নহয়।