কুলসী নদীত জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত বাতিলৰ দাবীত উকিয়ামত অসম মেঘালয়ৰ যুটীয়া প্ৰতিৰোধ সমিতিৰ প্ৰতিবাদী সভা
মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা হায় হায়,কনৰাড চাংমা গো বেক ধ্বনিৰে উত্তাল উকিয়াম অঞ্চল
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম মেঘালয় সীমান্তৰ কুলসী নদীত ৫৫ মেগাৱট নদী বান্ধ প্ৰকল্প স্থাপন কৰা নচলিব,অসমৰ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা হায় হায়,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা গো বেক, অসম চৰকাৰ হায় হায়,মেঘালয় চৰকাৰ হায় হায়,তেজ দিম কুলসী নদীত বান্ধ হব নিদিও,জনজাতীয় লোকক হাৰাশাস্তি কৰা বিজেপি চৰকাৰ হুচিয়াৰ,প্ৰকৃতি ধ্বংস আৰু মানুহ মৰা নদী বান্ধ আমাক নালাগে আদি বিভিন্ন শ্লোগানেৰে আজি পুনৰ উত্তাল হৈ পৰে অসম মেঘালয় সীমান্তৰ উকিয়াম অঞ্চল। এই কুলসী নদীত চৰকাৰে ৫৫ মেগাৱট জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰিবলৈ উঠি পৰি লগা ঘটনাক লৈ আজি সীমান্তৱৰ্তী অসম আৰু মেঘালয়ৰ যুটীয়া প্ৰতিৰোধ কমিটিয়ে উকিয়াম অঞ্চলটোত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ত্ৰিশখন গাওঁৰ সৰ্ব সাধাৰণ ৰাইজৰ উদ্যোগত অসম-মেঘালয় সীমান্তৰ ক্ৰেছাই খেল পথাৰত অনুষ্ঠিত এই ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। এই প্ৰতিবাদী সভাখনিত সভাপতিত্ব কৰে অসম মেঘালয় সীমান্ত যুটীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি আলবেত নাংলাই। সমিতিৰ সম্পাদক প্ৰবীণ স্নাৰে আঁত ধৰা এই সভাত দুয়োখন চৰকাৰৰ উদ্যোগত উকিয়াম নদীত নিৰ্মাণ কৰিবলৈ লোৱা জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ ওপৰত চৰকাৰে প্ৰস্তুত কৰা প্ৰাক কলন ; চৰকাৰৰ পৰা দিয়া আপত্তিহীন প্ৰমাণ পত্ৰ ; প্ৰকল্পৰ এলেকা আৰু ক্ষয় ক্ষতিৰ হিচাৱ আৰু অন্যান্য বিষয়ত বহলাই বাখ্যা কৰে বিশিষ্ট সমাজ সচেতন ব্যক্তি ৰজনী বড়োই। তেওঁ এই দুয়োখন চৰকাৰে মিছাৰ আশ্ৰয় গ্ৰহণ কৰি ৰাইজক পানীত ডুবাই মৰাৰ যি পৰিকল্পনা কৰিছে তাক ৰাইজৰ সহায়-সহযোগত প্ৰতিৰোধ কৰিব বুলি হুংকাৰ দিয়ে।সভাত বিশিষ্ট সমাজ কৰ্মী তথা ৰাভা নেতা মণিৰাম ৰাভাই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন কৰি যাব বুলি উল্লেখ কৰে। সভাত গাৰো জাতীয় নেতা জৱাহৰ মাৰাকে অতি ক্ষোভ আৰু পৰাতাপেৰে অসম আৰু মেঘালয়ৰ চৰকাৰক এই ভয়ংকৰ সিদ্ধান্ত বাতিলৰ দাবী তোলে। এই পদী বান্ধৰ ফলত ঐতিহাসিক চানডুবি বিল,কুলশী নদী শুকাই যোৱাৰ উপৰি কুলশীৰ শিহুৰ মৃত্যু সংঘটিত হব বুলি কয়।এই বান্ধৰ ফলত উপায়হীন ৰাইজে এদিন উচ্ছেদ হলে ভিক্ষাৰী হোৱাৰ বিনে গতি নাথাকিব। ইয়াৰ বাবে পলাশবাৰী ৰাজহ চক্ৰ,ছয়গাঁও ৰাজহ চক্ৰৰ উপৰি মেঘালয়ৰ অফিচ কাছাৰীত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে।খাছী জাতীয় নেতা প্ৰাচীৰ শ্ৰাৱে অংশগ্ৰহণ কৰি এই সিদ্ধান্তই ৰাইজক পানীত ডুবাব। ৰাইজ গৃহহীন হ’ব। আলৈ আথানি নোপোৱা ৰাইজে মৰাৰ বাহিৰে কোনো পথ নাথাকিব। সমাজকৰ্মী তথা বনগাঁওৰ গাঁওবুঢ়া সৰ্বেশ্বৰ ৰাভাই এই অঞ্চলটোৰ ৰাইজে এই সিদ্ধান্ত কোনো কাৰণতেই মানি নলয়। প্ৰয়োজনত মৰি হলেও এই নদী বান্ধৰ বিৰোধ কৰি যাব। এই সভাত লগতে গাৰো,ৰাভা, আৰু খাছীয়া মহিলা নেত্ৰীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি এই নদী বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত হ’ব পৰা ক্ষয়-ক্ষতিৰ বাবে প্ৰায় ৩০/৩৫ খন গাওঁৰ জনতাই শংকিত হৈ পৰিছে বুলি উল্লেখ কৰে।