ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অগ্ৰণী সামাজিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস যোৱা ১৯ জুন তাৰিখে পূৱ বাণীপুৰস্থ ইয়াৰ কাৰ্য্যলয়ত উদযাপনৰ কৰা হয়। অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰি দিয়া চমু ভাষণত সভাপতি চেহিৰ আহমদে ১৯৯৯ চনৰ ১৯ জুনৰ দিনা বিশিষ্ট চিন্তাবিদ, সমাজ সেৱক, লেখক ডা০ মছউদুল হকৰ আহ্বান মৰ্মে উপস্থিত থকা ১০ গৰাকী ব্যক্তিৰ উপস্থিতিত ইছলামৰ শান্তিদায়িনী ৰূপটো দাঙি ধৰাৰ লগতে সমাজৰ বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ সৈতে সৌহাদ্যপূৰ্ণ এক পৰিৱেশ গঢ়িতোলাৰ মানসেৰে গঠন কৰা এই সংগঠনটিৰ জন্ম লগ্নৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে । এই কাৰ্যসূচী অনুষ্ঠানৰ উপ সভাপতি আব্দুল খালেকৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় আৰু আঁত ধৰে সহযোগী সম্পাদক ইমৰাণ হুছেইনে। ইয়াৰ পাছত কাৰ্যালয়ত অনুষ্ঠিত চাহ মেলত অনুষ্ঠানৰ জ্যেষ্ঠ সদস্য ডা০ ৰেইজা বৰা, জেহিৰ উদ্দিন আহমদ, হাদি হুছেইন চৌধুৰী, মনিৰ উদ্দিন আহমেদ আৰু ডাঃ হেলিনা ৰহমানে এই অনুষ্ঠানৰ সৈতে গঢ়ি উঠা নিবিড় সান্নিধ্যৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে আষাৰচেৰেক পৰামৰ্শ আগবঢ়ায়। শলাগৰ শৰাই আগবঢ়ায় সহযোগী সম্পাদক নৌচাদ আলি আহমেদে। উল্লেখযোগ্য যে অহা ২২ জুন দেওবাৰে দিনৰ ১০ বজাত স্থানীয় ডিব্ৰুগড় ঈদগাহৰ ৰাজহুৱা প্ৰেক্ষাগৃহত চেন্টাৰৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হৈছে আৰু তাত চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সংবিধান সংশোধন গৃহীত কৰা হ’ব ,গতিকে উক্ত সভাত সকলো সন্মানীয় সদস্যক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে সম্পাদক এম হাছিম আলীয়ে।