শ্ৰমিকৰ জীৱন
পুৱাৰ কুঁৱলী ফালি সূৰুযৰ আগমন
নৱ দিৱসৰ নৱ বাৰ্তা প্ৰতিদিন
এটি পঁজা ঘৰ আৰু এটি নি:কিন দেহা
বুকু ভৰা আশা আৰু সপোন
দেহে-কেহে খাটি দুবেলা দুমুঠি
জীৱন যুদ্ধৰ জলন্ত সাক্ষী।
পিতপিতকৈ বিচাৰে নিৰলে-নিৰ্জনে
এমুঠি কাম, ধনৱন্তৰ সেৱা
পৰিয়ালৰ ভৰণ-পোষণৰ তাড়না
উলংগ মৰুভূমিত ঝৰণা জলৰ
নিতৌ গঢ়িব খোজে পুষ্প উদ্যান।
চিনাকি বাটত ৰুটিন প্ৰতিদিনৰ
শ্ৰমৰ ফচলত পাৰ হয় দিৱস-নিশা
আজি হেনো তেওঁৰ ঠাণ্ডা জ্বৰ
ঠুনুকা হৃদয়ত গভীৰ কম্পন
ওৰে নিশা টোপ-টোপ যুদ্ধৰ সংলাপ
চকুলো নিগৰিছে পৰিয়ালৰ হিতে
কোনে দিব এমুঠি অন্ন?
হ’ব কোন এই নীচৰ বন্ধু?
জীৱনৰ চাহিদা মাথোঁ
এমুঠি অন্ন, লজ্জা নিবাৰণৰ এধানি বস্ত্র
তৃষ্ণা মৰুত একাঁজলি জল।
জোৰা লাগে ভঙ্গ স্বপ্ন
পেটৰ তাড়নাই জীৱনৰ ব্ৰহ্ম সত্য
পচা মাটিয়েই এওঁলোকৰ পৰম বন্ধু
মাটিতেই জন্ম, মাটিতেই কৰ্ম
মাটিয়েই হয়তো সাৰমৰ্ম।