ৰাজ্যৰ চাৰিওফালে মৃত্যুৰ কিৰিলি৷ গৃহ বিভাগৰ চৰম বিফলতা
হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী আপ অসমৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চাৰিওফালে মৃত্যুয়ে কিৰিলি পাৰিছে৷ হত্যা, ধৰ্ষণ, লুণ্ঠণ আদিৰ বাতৰি যেন এতিয়া সহজলভ্য হৈ উঠিছে৷ ৰাজ্যৰ বিশৃংখল আইন পৰিস্থিতিৰ বাবে গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে আম আদমি পাৰ্টীয়ে৷ আম আদমি পাৰ্টী অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে “পুলিচ মোৰ, চাউল মোদীৰ” বুলি ফিতাহি মৰা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ আইন শৃংখলা ধোঁৱাচাঙত উঠিল৷ মহানগৰীৰ মাজমজিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ, নগাঁৱৰ ডিফলু শিৱমন্দিৰ তিনিআলিত ১৩ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ছাত্ৰাবাসত ছাত্ৰছাত্ৰীৰ মৃত্যু আদিবোৰ মাত্ৰ কেইটামান উদাহৰণ৷ অসমৰ আইন শৃংখলা অটুত ৰখাৰ দ্বায়িত্বত থকা আৰক্ষীক আকৌ গৃহবিভাগে নিয়োগ কৰিছে চৰকাৰৰ গছ কটা, ভি ভি আই পিৰ সুৰক্ষা আৰু বুলড’জাৰৰ কৰ্মত৷ সাধাৰণ ৰাইজৰ নিৰাপত্তাকলৈ অকনো চিন্তিত নহয় হিমন্ত বিশ্ব শৰ্মা৷ অন্যহাতে গৰু – গাহৰিৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি হিংসা বিয়পোৱাতহে ব্যস্ত গৃহবিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকী৷ মুখ্যমন্ত্ৰীয়ে তেখেতৰ দ্বায়িত্ব পালনত ব্যৰ্থ হৈছে আৰু অনতিপলমে নৈতিক দ্বায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ দাবী তুলিছে আপ অসমে৷