অসম বিজেপিৰ নতুন সমিতি গঠন

অসম বিজেপিৰ নতুন সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অনুমোদন মৰ্মে বুধবাৰে অসম প্ৰদেশৰ ৰাজ্যিক সমিতি ঘোষণা কৰা হয় ।সভাপতি দিলীপ শইকীয়াই দলৰ ৰাজ্যিক সমিতিৰ নতুন বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰে ।ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত বিজেপিৰ অসম প্ৰদেশৰ ৩১ জনীয়া বিষয়ববীয়াৰ নাম ঘোষণা কৰা হয়। তালিকাখনত আছে ১০ গৰাকী উপ-সভাপতি, ৪ গৰাকী সাধাৰণ সম্পাদক, ১০ গৰাকী সম্পাদক, কোষাধ্যক্ষ আৰু কার্যালয় সম্পাদকৰ লগতে ছ’চিয়েল মিডিয়া তত্বাৱধায়ক, আই টি তত্বাৱধায়ক, মুখ্য মুখপাত্র, মিডিয়া আহ্বায়ক আৰু কাৰ্যালয় তত্বাৱধায়ক । নতুনকৈ নিযুক্ত উপ সভাপতি কেইজন হৈছে- পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰায়, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা, ৰত্না সিং। সেইদৰে সাধাৰণ সম্পাদক পদৰ দায়িত্বত থকা কেইজন হৈছে-  দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ৰিতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মন। আনাহাতে, সম্পাদক পদত থকা কেইজন  হৈছে ক্ৰমে – লক্ষ্য কোঁৱৰ, লক্ষী নাথ তাছা, বিস্মিতা গগৈ, মনালিছা কোচ, অভিজিৎ‍ কুমাৰ নাথ, ৰাতুল শৰ্মা, মহেশ দেউৰী, সিধাংকু অংকুৰ বৰুৱা, নৱাৰুণ বুঢ়াগোহাঁই আৰু  বিতোপন দলে। ৰাজকুমাৰ শৰ্মাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। নাৰায়ণ ডেকাক যুটীয়া কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে সুশান্ত বিশ্বাসক। ছ’চিয়েল মিডিয়াৰ ভাৰপ্রাপ্ত দায়িত্ব দিয়া হৈছে বিশ্বজিৎ‍ খাউণ্ডক। ডাঃ মৃগাংক তালুকদাৰক প্ৰদান কৰা হৈছে আই টিৰ ভাৰপ্রাপ্ত দায়িত্ব ।দলৰ মুখ্য মুখপাত্রৰ দায়িত্ব দিয়া হৈছে কিশোৰ উপাধ্যায়ক। মিডিয়া আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৰূপম গোস্বামীক। অনিৰ্বাণ গোস্বামীক প্ৰদান কৰা হৈছে কাৰ্যালয়ৰ ভাৰপ্রাপ্ত দায়িত্ব। সংবাদমেলত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰি বিভিন্ন ক্ষেত্রত দক্ষতা সম্পন্ন আৰু অভিজ্ঞ কার্যকর্তাক দায়িত্ব অর্পণ কৰা হৈছে বুলি উল্লেখ কৰি অসমৰ ভৌগোলিক উপস্থিতি আৰু জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্বক গুৰুত্ব আৰোপ কৰা হৈছে বুলি দাবী কৰে । ইফালে অহা ১০ দিনৰ ভিতৰত দলৰ ৮ টা মৰ্চাৰ সভাপতিসকলৰ নামো ঘোষণা কৰা হ’ব বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে ।