নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ মুকালমুৱাৰ লাৰকুছিত ভয়ংকৰ নাও দুৰ্ঘটনা । ব্ৰহ্মপুত্ৰৰ পেৰাধৰা ঘাটত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী এখন যন্ত্ৰচালিত নাও । দুৰ্ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন কেইবাগৰাকীও যাত্ৰী। তাৰ ভিতৰত অধিকাংশই শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে । সম্প্ৰতি অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । পুৱা প্ৰায় ৭ মান বজাতে এই নাও দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, যন্ত্ৰচালিত নাওখনত ১০০ ৰো অধিক যাত্ৰী আছিল । নাওখনত প্ৰায় ৩০ৰ পৰা ৩৫গৰাকী ছাত্ৰী-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। চৰাঞ্চলৰ পৰা নাওখন দৌলাশাল ৰামপুৰলৈ গৈ আছিল । নাওখন পেৰাধৰা ঘাট পোৱাৰ প্ৰাকক্ষণত দুৰ্ঘটনাত পতিত হয় । লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে । নাওখনে ভাৰসাম্য হেৰুওৱাৰ ফলত একাংশ শিক্ষাৰ্থীয়ে পানীত জঁপিয়ায় ।ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।