ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰ

ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা নাৰ্ছিং হোমে টকা নিদিয়াৰ বাবে ৰোগীৰ মৃতদেহ ৰাখি থ’ব নোৱাৰিব। সেইদৰে চিকিৎসা ব্যয়ৰ টকা আদায় দিব নোৱাৰিলে ৰোগীক অতিৰিক্ত দিন হাস্পতালত থাকিবলৈ বাধ্য কৰাব নোৱাৰিব। ইয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে অসম চৰকাৰ । বুধবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই সন্দর্ভত দুই-এদিনতে কেবিনেটত আলোচনা কৰি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড৹ শৰ্মাই কয় যে নাৰ্ছিং হোমসমূহে মৃত্যুৰ পাছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত পৰিয়ালক মুকলি কৰি নিদিয়ে। দ্বিতীয়তে, তেওঁলোকে বহু ৰোগীক টকা দিব নোৱাৰাৰ বাবে অতিৰিক্ত দিন নাছি হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্রীক কৈছোঁ- এটা কল চেণ্টাৰৰ নম্বৰ দিব লাগে। ১০২ হওক বা ১০৩ হওক। যিসকলে এনে অসুবিধা পায়, তেওঁলোকে যাতে সেই কল চেণ্টাৰত ফোন কৰি দিব পাৰে আৰু আৰক্ষীয়ে গৈ সংশ্লিষ্টজনক লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ বা কোনো ৰোগীক টকা দিব নোৱাৰাৰ কাৰণে ৰাখি থোৱাৰ অনুমতি নিদিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে, কোনোবাই যদি টকা দিয়া নাই, সেইক্ষেত্ৰত চুক্তি কৰিব-আদালতলৈ যাব-ঘৰ-গাড়ী বাজেয়াপ্ত কৰিব। সেইটো বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়ম নাই। এয়া ভাৰতৰ সংবিধানৰ ২১নং অনুচ্ছেদত লিখা আছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে জীৱন সকলোৰে অধিকাৰ। ইয়াত কাকো কোনেও ধৰি ৰাখিব নোৱাৰে। আৰক্ষীয়েও কাৰোবাক ধৰি ৰাখিলে আদালতক জনাব লাগে। কিন্তু নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, অথচ আদালতকো নজনায়-আৰক্ষীকো নজনায়। মাটি-বাৰী বিক্ৰী কৰিবলৈ বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। দুই-এদিনতে ইয়াৰ ওপৰত কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল’ম। যাতে নাৰ্ছিং হোমৰ ৰোগী আৰু মৃতদেহ ধৰি ৰাখিব নোৱাৰে। টকা-পইচা লাগিলে অহাৰ আগতে আগধন লওক। তাত আমাৰ ক’বলগীয়া নাই। এইক্ষেত্রত আমি কঠোৰ সিদ্ধান্ত ল’বলৈ গৈ আছোঁ।