মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থিতি স্পষ্ট কৰক,আপুনি আদানী – ৰামদেৱৰ পক্ষত নে অসমীয়াৰ পক্ষত ?- আম আদমি পাৰ্টী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থিতি স্পষ্ট কৰক,আপুনি আদানী – ৰামদেৱৰ পক্ষত নে অসমীয়াৰ পক্ষত ?- আম আদমি পাৰ্টী

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছাম – 2.O সফল কৰি তোলাৰ লক্ষ্যেৰে অসমৰ ভুমিপুত্ৰ সকলৰ স্বাৰ্থত ৰামটাঙুন সোধাই বৃহৎ পুঁজিপতি শ্ৰেণীক ৰঙা দলিছা পাৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ বিঘা মাটি জধে মধে গতাই দিব বিচাৰিছে ৷ এই অভিযোগ আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াৰ ৷ আজি বাতৰি কাকতলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত তেখেতে অভিযোগ কৰি কয় যে, ৰাজ্যখনৰ তিনিচুকীয়া, গোলাঘাট, গোৱালপাৰা, দক্ষিণ কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ আদি জিলাৰ হাজাৰ হাজাৰ বিঘা মাটি এতিয়া বহিৰাগত পুঁজিপতি গৌতম আদানী, ৰামদেৱ আৰু এজন কেন্দ্ৰীয় মন্ত্ৰীৰ পুতেকক ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধিৰ বাবে গতাই দিয়াৰ প্ৰস্তুতি চলাইছে ৷ অসমৰ খিলঞ্জীয়াৰ মুখৰ ভাত কাঢ়ি পুঁজিপতিক সংস্থাপনৰ বাবে লোৱা চৰকাৰৰ যিকোনো কাম কাজৰ সমৰ্থন আম আদমি পাৰ্টীয়ে নকৰে বুলি উল্লেখ কৰি আপৰ নেতাজনে কয় যে, অসমৰ মাটিত অসমৰ ভুমিপুত্ৰসকলৰহে অধিকাৰ আছে ৷ মুখ্যমন্ত্ৰী হ’ল বুলিয়েই সকলো অধিকাৰ কুক্ষিগত কৰিব তাক মানি লোৱা নহ’ব ৷ আনহাতে ৰাজ্যখনৰ কৃষিভুমি, জলাশয়, বনাঞ্চল, পাহাৰীয়া ঠাই আৰু জনবহুল আদি ঠাইত আম আদমি পাৰ্টীয়ে উদ্যোগ স্থাপনৰ বিৰোধীতা কৰি অহা কথা পুনৰ দোহাৰি ৰাজীব শইকীয়াই কয় যে, এনেবোৰ ঠাইৰ বাহিৰে অন্য ঠাইত চৰকাৰে উদ্যোগ স্থাপন কৰিলে আম আদমি পাৰ্টীয়ে আদৰণি জনাব ৷ কিন্তু পাহাৰ পৰ্বত কাটি, কৃষিভুমি সংকোচন কৰি, জলাশয় আৰু বনাঞ্চল ধ্বংস কৰি উদ্যোগ আদি স্থাপন কৰাৰ ষড়যন্ত্ৰ কৰিলে আম আদমি পাৰ্টীয়ে ইয়াৰ প্ৰতিবাদ কৰি যাব ৷ অন্যহাতে ষষ্ঠ অনুসূচী এলেকাত কি বিধি ব্যৱস্থাৰ দ্বাৰা বাহিৰৰ বৃহৎ পুঁজিপতি গোষ্ঠীক মাটি হস্তান্তৰ কৰি বিচাৰিছে বুলিও আপৰ নেতাজনে প্ৰশ্ন কৰে ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো বিজেপিৰ হাতৰ পুতলা বুলি আখ্যা দি তেখেতে কয়, তেখেত হাতৰ পুতলা হোৱা কাৰণেহে পৰ্বতঝোৰাৰ বাসবাৰী অঞ্চলৰ ৰাইজৰ বিপক্ষে নাচিব পাৰিছে ৷ এই সম্পৰ্কত মুখ্যমন্ত্ৰীলৈ আপৰ নেতা ৰাজীব শইকীয়াৰ প্ৰশ্ন – “ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আদানী – ৰামদেৱৰ পক্ষত নে অসম আৰু অসমীয়াৰ পক্ষত ? আপোনাৰ স্থিতি ৰাজহুৱা কৰক!