IIFFত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ অসমীয়া চুটি ছবি ‘অনসূনী চিঁখে’ৰ

IIFFত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ অসমীয়া চুটি ছবি ‘অনসূনী চিঁখে’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ড° পাৰ্থসাৰথি মহন্তই ৰচনা-পৰিচালনা কৰা অসমীয়া চুটি ছবি ‘অনসূনী চিঁখে’ (Ansuni chinkhe) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র জগতত বিশেষ চর্চা লাভ কৰি ইতিমধ্যে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই ছবিখনে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত  কেইবাটাও বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। ছবিখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই। এই চুটি ছবিখনে অলপতে কলকাতাত অনুষ্ঠিত ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেল’ (মে’-জুন ২০২৫)ত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে। এই চুটি ছবিখনে অলপতে কলকাতাত অনুষ্ঠিত ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেল’ (মে’-জুন ২০২৫)ত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে। বলিষ্ঠ কাহিনী আৰু কাৰিকৰী উপস্থাপনৰ বাবে চুটি ছবিখনে এই সন্মান লাভ কৰিছে। অভিনেত্রী সীমা বিশ্বাসৰ একক অভিনয়ে চুটি ছবিখনৰ কাহিনীক গভীৰতা প্রদান কৰাৰ লগতে বৰ্ণনাত্মক দিশটোক অধিক মনোগ্ৰাহী কৰি তুলিছে। চলিত বছৰটোৰ আৰম্ভণিতে ১৭-২১ জানুৱাৰীত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ৱৰ্ল্ডৱুড ইণ্টাৰনেশ্যনেল পানোৰামা (আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা শ্রেণী)ত এই চুটি ছবিখন নির্বাচিত হৈছিল। সেই মহোৎসৱত চুটি ছবিখনে কেইবাটাও শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়। চুটি ছবি শাখাত সীমা বিশ্বাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ বিপৰীতে ড০ পাৰ্থ সাৰথি মহন্তই লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। দিল্লী চুটি ছবি মহোৎসৱ ২০২৫তো এই ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। দিল্লী চুটি ছবি মহোৎসৱ ২০২৫ত ‘অনসূনী চিঁখে’ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল।একাধিক চলচ্চিত্ৰ মহোৎসৱত এই ধাৰাবাহিক স্বীকৃতিয়ে এই ছবিখনক এক উচ্চ শিখৰলৈ লৈ গৈছে। ছবিখনৰ অন্যতম ডাঙৰ মাইলৰ খুঁটি আছিল শেহতীয়াকৈ কানত অনুষ্ঠিত হোৱা ‘মাৰ্চে ডু ফিল্মৰ অনলাইন ছেগমেণ্ট’ত অন্তৰ্ভুক্ত হোৱা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ছবিখনে বিশ্বব্যাপী মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ বিষয়বস্তু আৰু কাহিনীয়ে চুই গৈছে বহু দৰ্শকক।সূক্ষ্ম পৰিচালনা, শক্তিশালী একক অভিনয়, আৰু বিশ্বজনীন আবেদনেৰে “অনসূনী চিঁখে”ই অসমীয়া আৰু ভাৰতীয় চুটি ছবিৰ মান উন্নত কৰি বিশ্বৰ মঞ্চ অধিকাৰ কৰিছে।