জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ বাবে কানাডাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে কানাডাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।বিগত এক দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিশ্বৰ শীৰ্ষ নেতাসকল কানাডাত উপস্থিত হৈছে ৷ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণমৰ্মে তিনিখন দেশৰ ভ্ৰমণসূচীত সম্প্ৰতি ব্যস্ত থকা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) চাইপ্ৰাছৰ পৰা আহি কানাডাত উপস্থিত হয় ।সোমবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া জি-৭ (গ্ৰুপ অৱ চেভেন) শীৰ্ষ সন্মিলনত আমেৰিকা, ফ্ৰান্স, যুক্তৰাজ্য, ইটালী, জাৰ্মানী, কানাডা, জাপান, ইউৰোপীয় সংঘকে ধৰি বিশ্বৰ কিছুমান উন্নত অৰ্থনীতিৰ নেতাসকলক একত্ৰিত কৰা হৈছে। এই সন্মিলনত ৰাষ্ট্ৰসংঘ, বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰিব।কানাডাত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ৰ নেতা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ইটালীৰ জৰ্জিয়া মেল’নি, জাপানৰ শ্বিগেৰু ইছিবা, জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কষ্টাৰ সৈতে আলোচনাত মিলিত হ’ব। উল্লেখ্য যে, বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতক বিগত কেইবছৰমানৰ পৰা জি-৭ শীৰ্ষ সন্মিলনৰ আউটৰিচ অধিবেশনলৈ নিয়মীয়াকৈ আমন্ত্ৰণ জনোৱা হৈছে । ভাৰতে আজিলৈকে এঘাৰখন জি-৭ ছামিট আউটৰিচ অধিবেশনত অংশগ্ৰহণ কৰিছে – ২০০৩ (ফ্ৰান্স), ২০০৫ (ব্ৰিটেইন), ২০০৬ (ৰাছিয়া), ২০০৭ (জাৰ্মানী), ২০০৮ (জাপান), ২০০৯ (ইটালী), ২০১৯ (ফ্ৰান্স), ২০২১ (ব্ৰিটেইন), ২০২২ (জাৰ্মানী), ২০২৩ (জাপান) আৰু ২০২৪ (ইটালী) ।