ডিব্ৰুগড় শাখা লেখিকা সংস্থাৰ উদ্যোগত প্রথিতযশা সাহিত্যিক ড০ নিৰ্মলপ্রভা বৰদলৈ স্মৃতি দিৱস উদযাপন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ এগৰাকী স্বনামধন্য কবি, গীতিকাৰ,সাহিত্যিক ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱস ডিব্ৰুগড় শাখা লেখিকা সংস্থাই গীত আৰু কবিতাৰ অনুষ্ঠানটি উদযাপন কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে লেখিকা সংস্থাৰ উপদেষ্টা তথা অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভাপতি হেমপ্ৰভা তাছা। শাখাৰ সম্পাদিকা পৰিমালা বৰুৱা কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিত সভাপতি অনিমা কোঁচ গগৈয়ে পৰিচালনা কৰা ড০ নিৰ্মলপ্রভা বৰদলৈৰ গীত কবিতাৰ এটি সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে অসম লেখিকা সংস্থাৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকাই । সভাত অলপতে বিমান দুৰ্ঘটনাত মৃত্যু হোৱা মৃতকৰ আত্মাৰ সদগতি বাবে মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় শাখাৰ প্ৰাক্তন সম্পাদিকা আৰু বৰ্তমানৰ অসম লেখিকা সংস্থাৰ প্ৰধান সম্পাদিকা পদ অলংকৃত কৰা উদয়ন্তী হাজৰিকাক শাখাৰ ফালৰ পৰা সম্বৰ্ধনা জনায় শাখাৰ সম্পাদিকা পৰিমালা বৰুৱা কোঁৱৰে। বিষয়ববীয়া সকলে নিৰ্মলপ্রভা বৰদলৈৰ জীৱন ভিত্তিক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ক্ৰমে হেমপ্ৰভা তাছা, গৌৰী শইকীয়া, বৈজয়ন্তি কৌৰ গগৈ উদয়ন্তী হাজৰিকা, উৎপলা দাস,জিতা ডেকা হাজৰিকাই। ডিব্ৰুগড় শাখা লেখিকা সংস্থাৰ ত্ৰিমাহিক পত্ৰিকা “সুৰভি” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক গৈৰিকা বৰুৱা আহমেদে ।তেখেতে পত্ৰিকাখন উন্মোচন কৰি ড০ নিৰ্মলপ্রভাৰ সন্দৰ্ভত তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত অংশ গ্ৰহণ কৰা গৌৰী শইকীয়া , গৈৰিকা আহমেদ বৰুৱা, হেমপ্ৰভা তাছা , কাঞ্চন বৰুৱা, বৈজয়ন্তী কৌৰ গগৈ , অনিমা কোঁচ গগৈ, ৰীণা দত্ত ভঁড়ালী , ছায়া দত্ত ভূঁঞা , উৎপলা দাস , সুৰজিতা সন্দিকৈ, কুসুম শইকীয়া সোনোৱাল, লোকদা বৰুৱা, মন্দিৰা কোঁৱৰ, টুনুমণি বৰুৱা , মঞ্জু গগৈ , ইভা গন্ধীয়া ফুকন, পৰিমালা কোঁৱৰ, জিতা ডেকা হাজৰিকা, সীমা বৰুৱা, নিবেদিতা চুতীয়া, মিনাক্ষী দাস বৰুৱা, অৰুণিমা বৰুৱা ,নমিতা বৰুৱা , মফিদা বেগম , সুশীলা ৰাজবংশী , অনিমা বড়া সোনোৱাল, ৰিঞ্জুমণি হাজৰিকা, মল্লিকা দাসৰ গীত আৰু কবিতাই জীপাল কৰি তোলে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় পৰিমালা কোঁৱৰে ।