লখিমপুৰত ১১০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লখিমপুৰ জিলাত মুঠ ১১০ কোটি টকা ব্যয়সাপেক্ষ সাতটা অভিলাষী প্রকল্পৰ শিলান্যাস-ভূমিপূজন-উদ্বোধন কৰে। দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত এখন জনাকীর্ণ ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে। সভাত ভাষণ দি লখিমপুৰৰ উন্নয়নৰ হকে বৰ্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰি তেওঁ কয় যে কেইদিনমান পূর্বে লখিমপুৰত ৰঙানদীৰ বানে মথাউৰি ভাঙিছিল। তেতিয়াও মই আহিছিলোঁ আৰু এক বেদনাসিক্ত মন লৈ উভতি গৈছিলোঁ। বর্তমান বান কমিছে। আমি কম সময়ৰ ভিতৰতে ছিগা মথাউৰিটো নিৰ্মাণ কৰি দিব পাৰিছোঁ। ৰাইজে অলপ হ’লেও সকাহ পাইছে। উত্তৰ লখিমপুৰ নগৰ পানী যোগান আঁচনিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে আঁচনিখনৰ প্ৰথম পর্যায় আমি আৰম্ভ কৰিছিলোঁ। কিন্তু তেতিয়া আঁচনিখনে কেইবাটাও ৱাৰ্ড সামৰি ল’ব পৰা নাছিল। সেয়েহে আঁচনিখনৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আজি ভূমিপূজন কৰিলোঁ। অহা দুবছৰৰ ভিতৰত এই আঁচনিখন সম্পূর্ণ হৈ উঠিব। সোৱণশিৰি নৈৰ পৰা পানী আনি পৰিশোধন কৰি ৰাইজক বিশুদ্ধ পানী যোগান ধৰা হ’ব। ভূগৰ্ভৰ পানীত সাধাৰণতে আছেনিক, ফ্লৰাইড আদি থাকে। যি জনস্বাস্থ্যৰ বাবে অতি হানিকৰক। কিন্তু নৈৰ পানীত তেনে বিষাক্ত দ্রব্য নাথাকে। সেয়েহে ৬৫ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনৰ পৰিকল্পনা কৰা হৈছে। লক্ষণীয়ভাৱে মুঠ ১,১১,১০৮ মিটাৰ দৈৰ্ঘ্যৰ নলেৰে দৈনিক ৮.৭০ মিলিয়ন লিটাৰ বিশুদ্ধ খোৱাপানী আঁচনিখনৰ জৰিয়তে জনসাধাৰণক যোগান ধৰা হ’ব। আঁচনিখনৰ দ্বাৰা উপকৃত হ’ব ৭,০১৩টা পৰিয়াল। লখিমপুৰৰ প্ৰতি দায়বদ্ধতা প্রকাশ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই চহৰখনৰ উন্নয়নৰ সমান্তৰালভাৱে সমগ্ৰ জিলাখনৰ উন্নয়নৰ হকে ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি থকা বুলি মন্তব্য কৰে। এই সন্দৰ্ভত তেওঁৰ বক্তব্য আছিল এনেধৰণৰ- মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আৰু ধর্মীয় অনুষ্ঠানসমূহ আমি সুন্দৰকৈ সজাই-পৰাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। বিগত চাৰিটা বছৰত সোৱণশিৰিৰ ওপৰত ঘুণাসুঁতি সংযোগ কৰি নিৰ্মাণ কৰা দলংখন বিকাশৰ এক জীৱন্ত উদাহৰণ হৈ ৰ’ব। যিখন দলঙে ঢকুৱাখনাৰ লগত লখিমপুৰৰ প্ৰত্যক্ষ যোগাযোগ সাধন কৰিব। চাবতিৰ ষ্টেডিয়াম, আইএছবিটি, জিলা গ্ৰন্থাগাৰ, বাইপাছ, চৰকাৰী আইন মহাবিদ্যালয়, নাৰ্ছিং কলেজ, চিকিৎসা মহাবিদ্যালয় হাস্পতাল, কর্কট চিকিৎসালয় আদিৰ সফল ৰূপায়ণে লখিমপুৰৰ পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। এসময়ত বিশ্বনাথৰ পৰা লখিমপুৰ আৰু ধেমাজিক ৰাজ্যৰ ভিতৰতে অনুন্নত অঞ্চল বুলি গণ্য কৰা হৈছিল। কিন্তু যোৱা চাৰে চাৰিটা বছৰত ৰাজ্য চৰকাৰে চলোৱা নিৰন্তৰ প্ৰয়াসৰ বাবে লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ আজি অসমৰ অন্যতম উন্নত জিলালৈ ৰূপান্তৰিত হৈছে। আমি নিশ্চিত যে লখিমপুৰ জিলাৰ ৰাইজে অকল উন্নয়নৰ সুবাস পোৱাই নহয়, অসমৰ ভিতৰতে এখন বিকশিত তথা উন্নয়নশীল জিলালৈ ৰূপান্তৰিত হ’ব। আমি উন্নয়নৰ লগে লগে দুখীয়া-দৰিদ্ৰৰ হকেও বিভিন্ন আঁচনিৰ জৰিয়তে নিৰন্তৰভাৱে কাম কৰি আহিছোঁ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুকেইখন আঁচনি অহা আগষ্টৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৰূপায়ণ কৰাৰ বাবে বিশাল কর্মযজ্ঞৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই গভীৰ প্রত্যয়ৰে কয়- মই লখিমপুৰ-ধেমাজিলৈ আকৌ আহিম। বিগত চাৰে চাৰিটা বছৰত আমি ৰোপণ কৰা উন্নয়নৰ বটবৃক্ষজোপা ডাঙৰ হোৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিম। ইয়াৰ বাবে তেওঁ ৰাইজৰ আশীৰ্বাদ বিচাৰে। জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত লখিমপুৰে অসমৰ ভিতৰতে উল্লেখনীয় নিদর্শন দাঙি ধৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে লখিমপুৰে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত দেখুওৱা আদৰ্শৰ আধাৰত ডিব্ৰুগড়, তিনিচুকীয়া আদি চহৰতো একে প্রক্রিয়াৰে কাম চলি আছে। যোৱা চাৰে চাৰি বছৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত চহৰখনত চকুত লগা পৰিৱৰ্তন হৈছে। উত্তৰ লখিমপুৰ চহৰৰ চান্দমাৰী অঞ্চলত ১৯৮২-৮৩ চনৰ পৰা সুমদিৰি নদীৰ কাষত জাবৰ-জোঁথৰ পেলোৱাৰ ফলত প্ৰায় চাৰি হেক্টৰ ভূমি আৱৰ্জনাৰে ভৰি পৰিছিল। এই আৱৰ্জনা নিষ্কাশনৰ পাছত উক্ত স্থানত এখন ইক’ পার্ক নিৰ্মাণৰ উদ্দেশ্যে আজি শিলান্যাস আৰু ভূমি পূজন কৰা হৈছে। এই উদ্যানখনত দুর্লভ আৰু বিলুপ্তপ্রায় প্ৰজাতিৰ গছৰ এক আশ্রয়স্থল গঢ়ি তোলাৰ লগতে মিয়াৱাকি পদ্ধতি ব্যৱহাৰ কৰি স্থানীয় গছৰ প্ৰজাতিসমূহৰ ঘন বননি সজোৱা হ’ব। লখিমপুৰৰ বড়িমুৰি গাঁৱত অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নৱনির্মিত কাৰ্যালয় ভৱনটো উদ্বোধন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত অঞ্চলটোত গ্রামোন্নয়নৰ কাম-কাজ সুন্দৰভাৱে পৰিচালিত হোৱাত যথেষ্ট সহায়ক হ’ব। আজাদৰ বেবেজীয়া কুমাৰটুপত অক্ষয় পাত্র ফাউণ্ডেচনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ শিলান্যাস আৰু ভূমিপূজন কৰাৰ কথাও নিজ ভাষণত তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই লখিমপুৰ জিলাৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে আজি এক উল্লেখনীয় দিশ বুলি মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সহযোগত এই ৰান্ধনী ঘৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰখনত এক ইতিবাচক প্রভাৱ পেলাব। অক্ষয় পাত্র ফাউণ্ডেচনৰ ৰান্ধনী ঘৰত প্ৰস্তুত কৰা খাদ্য পুষ্টিকৰ আৰু স্বাস্থ্যসম্মত। ৰান্ধনী ঘৰটো নিৰ্মাণ হৈ উঠাৰ লগে লগে লখিমপুৰৰ বিদ্যালয়সমূহে সময়সূচী অনুসৰিয়েই মধ্যাহ্ন ভোজনৰ আহাৰ লাভ কৰিব। পূৰ্বতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষকসকলে মধ্যাহ্ন ভোজনৰ কামতো জড়িত হ’বলগীয়া হৈছিল। কিন্তু কেন্দ্রীয় ৰান্ধনী ঘৰৰ জৰিয়তে মধ্যাহ্ন ভোজনৰ আহাৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ ফলত শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্রীসকলে শিক্ষাদানত অধিক মনোযোগ দিব পাৰিব। তদুপৰি এই ব্যৱস্থাই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যাও বৃদ্ধি কৰিব। ভাষণ প্রসংগত তেওঁ পুনৰ কয় যে শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ থকাৰ সময়ত মই বেংগালুৰুলৈ যাওঁতে অক্ষয় পাত্র ফাউণ্ডেচনে কেন্দ্রীয় ৰান্ধনী ঘৰৰ জৰিয়তে প্ৰস্তুত কৰা আহাৰ দেখি সংশ্লিষ্ট প্রতিষ্ঠানটোৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকক এই প্রক্রিয়াটো অসমতো আৰম্ভ কৰিবলৈ আহ্বান জনাইছিলোঁ। ৰাজ্য চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টিত অক্ষয় পাত্র ফাউণ্ডেচনৰ সহযোগত কেন্দ্ৰীয় ৰান্ধনী ঘৰ আৰম্ভ কৰি মধ্যাহ্ন ভোজন যোগান ধৰিছে। ই কম সময়ৰ ভিতৰতে প্ৰতিখন শিক্ষানুষ্ঠানক আকর্ষিত কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাকো ইয়াৰ দ্বাৰা সামৰি লোৱা হৈছে। যোৰহাটত ২০২২ চনত এনে কেন্দ্ৰীয় ৰান্ধনী ঘৰৰ জৰিয়তে মধ্যাহ্ন ভোজনৰ আহাৰ যোগান ধৰা আৰম্ভ কৰা হয়। মাজুলীত নিৰ্মাণৰত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পথত। নলবাৰী জিলাতো আন এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। শোণিতপুৰ জিলাতো এনে এটা প্রকল্প স্থাপনৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে।ৰবিবাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হয়। দৰিদ্ৰ আৰু আৰ্তজনক ভোজন যোগান ধৰিব পৰাটো এক মহান মানৱীয় কার্য বুলি উল্লেখ কৰি তেওঁ কয় যে অক্ষয় পাত্র ফাউণ্ডেচনে চৰকাৰে যোগান ধৰা পুঁজিৰ লগতে নিজাববীয়াকৈও ধন ব্যয় কৰি পুষ্টিকৰ আৰু সুস্বাদু আহাৰ প্ৰস্তুত কৰে। মানৱীয় দৃষ্টিভংগীৰে কোনোবাই দৰিদ্ৰ অথবা ৰোগীৰ খাদ্য যোগান ধৰাৰ বাবে ইচ্ছা প্রকাশ কৰিলে অক্ষয় পাত্র ফাউণ্ডেচনে এনে দিশতো ইতিবাচক সঁহাৰি জনায়। বানপানীৰ সময়ছোৱাতো অক্ষয় পাত্র ফাউণ্ডেচনে শিবিৰসমূহলৈ খাদ্য যোগান ধৰি মানৱীয় দৃষ্টিভংগীৰে কাম কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা মতে আঁচনিসমূহৰ ৰূপায়ণৰ সমান্তৰালকৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে জনকল্যাণকামী কাম-কাজো অব্যাহত ৰাখিছে। ইয়াৰ আধাৰতে ১০৮ এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন, কৰ্কট ৰোগীৰ চিকিৎসা কেন্দ্ৰ আদি স্থাপন কৰা হৈছে। ৰাজ্যখনৰ উন্নয়নে যাতে অধিক গতি লাভকৰিব পাৰে, তাৰ বাবে দেশৰ প্ৰসিদ্ধ সংস্থাসমূহক ৰাজ্যখনলৈ নিমন্ত্ৰণ কৰি অনা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে অসমে আজি সমৃদ্ধিৰ দিশেৰে আগবাঢ়িছে। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই শেহতীয়া পঞ্চায়ত নির্বাচনত জিলাখনৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। উল্লেখ্য যে মুখ্যমন্ত্রী ড° শর্মাই আজি লখিমপুৰ ভ্ৰমণকালত চাৰি কোটি টকা ব্যয় সাপেক্ষে বড়িমুৰিত লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নৱনির্মিত কাৰ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে ২৬ কোটি টকা ব্যয় হ’বলগীয়া আজাদৰ বেবেজীয়া কুমাৰটুপত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰ, উত্তৰ লখিমপুৰ চহৰত ৪.২৫ কোটি টকাৰে ১৬ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া ইক’ পার্ক, ২৬ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া উত্তৰ লখিমপুৰ নগৰ পানী যোগান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ভূমিপূজন-শিলান্যাস কৰে। তদুপৰি তেওঁ লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত মুঠ ১০.৭ কোটি টকা ব্যয় সাপেক্ষে নির্মিত বৃত্তিমূলক প্রশিক্ষণ প্রতিষ্ঠান, অতিথিশালা, এখন ইনড’ৰ ষ্টেডিয়াম, ব্যায়ামাগাৰ আৰু কেন্টিন গৃহৰ শুভউদ্বোধন কৰে। আজিৰ এই কাৰ্যসূচীসমূহত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেণ্ড, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্রদান বৰুৱা, বিধায়ক মানৱ ডেকা, নৱ কুমাৰ দলে, ড° অমিয় কুমাৰ ভূঞাৰ উপৰি সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।