মহিলা এদিনীয়া বিশ্বকাপৰ সূচী ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ক্ৰিকেটপ্রেমীসকলৰ বাবে আন এক সুখবৰ। আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন ছেমিফাইনেল মেচসহ গুৱাহাটীত অনুষ্ঠিত হ’ব মুঠ ৫খনকৈ মেচ। ভাৰত আৰু শ্রীলংকাৰ যৌথ উদ্যোগত অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ সময়সূচী ঘোষণা কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে। মন কৰিবলগীয়া যে ভাৰতত ২০১৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। আইচিচিয়ে প্রকাশ কৰা বিশ্বকাপৰ সূচীয়ে ৰাজ্যৰ অনুৰাগীসকললৈ এক সুখবৰ কঢ়িয়াই আনিছে। সূচী অনুসৰি ৰাজ্যৰ ক্ৰিকেটপ্রেমীয়ে স্বচক্ষুৰে ষ্টেডিয়ামৰ গেলাৰীত বহি উপভোগ কৰিব পাৰিব বিশ্বকাপৰ মেচ। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আয়োজক ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে খেলিব বিশ্বকাপৰ উদ্বোধনী মেচ। চিন্নাস্বামীৰ লগতে গুৱাহাটীৰ বৰ্ষাপাৰা, ইন্দোৰৰ হোলকাৰ ষ্টেডিয়াম, বিশাখা পট্টনমৰ এচিএ-ভিডিচিএ ষ্টেডিয়াম আৰু কলম্বোৰ আৰ প্রেমাদাসা ষ্টেডিয়ামত বিশ্বকাপৰ মেচসমূহ অনুষ্ঠিত হ’ব। ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, শ্রীলংকা, বাংলাদেশ আৰু পাকিস্তানে আগন্তুক এই বিশ্বকাপত প্রতিদ্বন্দ্বিতা আগবঢ়াব। প্রতিযোগিতাখনৰ বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন ৫ অক্টোবৰত কলম্বোত অনুষ্ঠিত হ’ব। প্রতিযোগিতাৰ ঘোষিত সূচী অনুসৰি গুৱাহাটীৰ বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামে লীগ পৰ্যায়ৰ চাৰিখন মেচ আয়োজন কৰাৰ লগতে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল আয়োজন কৰাৰ বাবে সুযোগ লাভ কৰিছে। অৱশ্যে পাকিস্তানে যদি প্রথমখন ছেমিত প্ৰৱেশ কৰে, তেতিয়া হ’লে মেচৰ স্থান সলনি হ’ব আৰু এই মেচখন শ্রীলংকাই আয়োজনৰ স্বত্ব লাভ কৰিব। গুৱাহাটীত ৭অক্টোবৰত অনুষ্ঠিত হ’ব প্রথমখন মেচ। এই মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ইংলেণ্ড আৰু বাংলাদেশে। বিয়লি ৩ বজাৰ পৰা এই মেচখন আৰম্ভ হ’ব। গুৱাহাটীত দ্বিতীয়খন মেচ ১১ অক্টোবৰত ইংলেণ্ড আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে ২৩ অক্টোবৰত ৰাজ্যৰ অনুৰাগীয়ে উপভোগ কৰিব পাৰিব ভাৰতীয় দলৰ মেচ। ভাৰতীয় দলে এই মেচখন নিউজিলেণ্ডৰ বিপক্ষে খেলিব। গুৱাহাটীত লীগ পৰ্যায়ৰ চতুর্থখন মেচ ২৬ অক্টোবৰত অনুষ্ঠিত হ’ব। এই মেচখনত প্ৰতিদ্বন্দ্বিতাত নামিব ইংলেণ্ড আৰু নিউজিলেণ্ড। মুঠতে বিশ্বকাপৰ চাৰিখনকৈ লীগ মেচৰ আনন্দ উপভোগ কৰিব পাৰিব ৰাজ্যৰ ক্ৰিকেট অনুৰাগীয়ে। প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল ২৯ অক্টোবৰত আৰু দ্বিতীয়খন ছেমিফাইনেল ৩০ অক্টো বৰত অনুষ্ঠিত হ’ব। ৰাউণ্ড ৰবীন পৰ্যায়ৰ পৰা শীর্ষ চাৰিটা দলে ছেমিফাইনেললৈ আগবাঢ়িব। প্রথম স্থানৰ দলটোৱে চতুৰ্থ স্থানৰ দলৰ বিপক্ষে আৰু দ্বিতীয় স্থানৰ দলটোৱে তৃতীয় স্থানৰ দলটোৰ বিপক্ষে খেলিব। প্রতিযোগিতাখনৰ দ্বিতীয়খন ছেমিফাইনেল বেংগালুৰুত অনুষ্ঠিত হ’ব। আনহাতে ২ নৱেম্বৰত বেংগালুৰু অথবা কলম্বোত অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচখন। মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ পাকিস্তানৰ আটাইকেইখন মেচ কলম্বোত অনুষ্ঠিত হ’ব।