বিশ্বমাতা কামাখ্যা দেৱীক কৰা অপমানৰ প্ৰতিবাদ

বিশ্বমাতা কামাখ্যা দেৱীক কৰা অপমানৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ বিশ্বৰে বিশ্বমাতাৰূপে খ্যাত সৃষ্টিৰ আৰম্ভণিৰে পৰা সনাতনী ধৰ্মৰ অন্যতম প্ৰাচীন কামৰূপ- প্ৰাগজ্যোতিষপুৰৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ আদ্যশক্তি মা কামাখ্যাদেৱীক অপমান কৰাৰ লগতে কামাখ্যাধামত দৈনিক নৰবলি দি থকা বুলি ঘোষণা কৰি CNN NEWS 18 নামৰ ৰাষ্ট্ৰীয় নিউজ চেনেলটিয়ে এক অক্ষমনীয় অপৰাধ কৰিছে বুলি সিদ্ধি-শক্তিপীঠ আদ্যশক্তি মা উগ্ৰতাৰা দেৱালয়ৰ এগৰাকী বৰদেউৰী তথা সদৌ অসম দেৱালয় সঙ্ঘৰ প্ৰাক্তন প্ৰধান সম্পাদক কৈলাশ শৰ্মাই গভীৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, বিগত কিছুবছৰৰ পৰা সনাতনী ধৰ্মৰ বিশেষকৈ শক্তিপীঠ সমূহৰ বিৰুদ্ধে এটা বিশেষ চক্ৰই হকে বিহকে বিৰূপ প্ৰচাৰ চলাই অহাটো পৰিলক্ষিত হৈ আহিছে আৰু ইয়াৰ পুনৰাবৃত্তি ঘটাই CNN NEWS 18 নামৰ ৰাষ্ট্ৰীয় হিন্দী নিউজ চেনেলৰ এঙ্কৰ গৰাকীৰ লগতে আন দুগৰাকী ব্যক্তিয়ে সমগ্ৰ বিশ্বৰে সমাদৃত মা কামাখ্যা দেৱীৰ ওচৰত নৰবলি দিয়া বুলি কৰা মন্তব্যক শক্তিপীঠ শ্ৰী শ্ৰীঁউগ্ৰতাৰা দেৱালয়ৰ বৰদেউৰী, আজাদী কি অমৃত মহোৎসৱৰ সমাজ সেৱা বঁটাপ্ৰাপক তথা আন্তজাৰ্তিক খ্যাতিমান খেলুৱৈ- সংগঠক কৈলাশ শৰ্মাই দোষী সকলৰ ওপৰত আইনৰ ধাৰামতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আহ্বান জনাইছে। বিবৃতিত শৰ্মাই ভাৰত চৰকাৰে ইয়াৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰি ভৱিষ্যতে যাতে সনাতনী ধৰ্মৰ অতি প্ৰাচীন শৈৱ- শাক্ত – বৈষ্ণৱ পন্থাৰ সৈতে জড়িত পীঠস্থান-দেৱালয় সমূহক লৈ কোনেও বিৰূপ মন্তব্য আগবঢ়াব নোৱাৰে তাৰবাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মত প্ৰকাশ কৰে।