আন্তৰ্জাতিক বুকাৰ বঁটা প্ৰাপক বানু মুস্তাকৰ জীৱন আলেখ্য – নাছিৰ আহমেদ

আন্তৰ্জাতিক বুকাৰ বঁটা প্ৰাপক বানু মুস্তাকৰ জীৱন আলেখ্য

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

কানাড়া ভাষাৰ বিখ্যাত লেখিকা বানু মুস্তাকে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আন্তৰ্জাতিক মঞ্চত এইবাৰ আঞ্চলিক ভাষাৰ জয়জয়কাৰ। ” হাছিনা এণ্ড আডাৰ্স স্টোৰিজ” গ্ৰন্থৰ বাবেই বানু মুস্তাকে এই বঁটাটি লাভ কৰিছে। এই গ্ৰন্থখন ইংৰাজী ভাষাত অনুবাদ কৰিছে দীপা ভাস্তিয়ে। ইংৰাজীত গ্ৰন্থখনৰ নাম ” Heart Lamp”। আন্তৰ্জাতিক বুকাৰ বঁটাৰ বাবে ছখন গ্ৰন্থ মনোনীত হৈছিল। তাৰ ভিতৰত  বানু মুস্তাকে শ্ৰেষ্ঠ বিজয়ীৰ খিতাপ লাভ কৰিছিল। বুকাৰ ইন্টাৰনেছনেল প্ৰাইজ ফৰ লিটাৰেচাৰ ” ৰ বাবে নগদ ৫০,০০০ ইউৰো অৰ্থাৎ ভাৰতীয় মুদ্ৰা হিচাপে ৫৭ লাখ ৪৭ হাজাৰৰ সমপৰ্য্যায়ৰ। যোৱা ২০ মে’ ২০২৫ ইং মঙ্গলবাৰে লণ্ডনত লেখিকা বানু মুস্তাক আৰু অনুবাদক দীপা ভাস্তিৰ হাতত এই ধনৰাশি সমভাগত তুলি দিয়া হয়।

কৰ্ণাটকৰ এগৰাকী বিখ্যাত লেখিকা, আইনজীৱী আৰু বলিষ্ঠ সাংবাদিক বানু মুস্তাকে ৭০-৮০ দশকত প্ৰগতিশীল,প্ৰতিবাদী সাহিত্য সৃষ্টিত মনোনিবেশ কৰিছিল। তেওঁৰ লেখাত বৰ্ণবাদী, ধৰ্মীয় গোড়ামী আৰু শ্ৰেণী-বিভাজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ফুটি উঠিছে। বিশেষকৈ মুছলিম সমাজত নাৰীৰ প্ৰতি চলি থকা নানা বৈষম্য, নিৰ্যাতনৰ কৰুণ কাহিনীয়ে প্ৰতিটি লেখাক উজ্জীৱিত কৰি তুলিছে।

কৰ্ণাটকৰ ভিতৰুৱা গাঁৱৰ মুছলমান সমাজৰ নাৰীৰ চিত্ৰ অংকন কৰিছে যদিও সেই চিত্ৰই গোটেই বিশ্বৰ নাৰীৰ জীৱনৰ সকলো সম্ভেদ বা খুঁটিনাটি স্বতঃস্ফূৰ্ত ভাৱে পৰিস্ফুট হৈছে। তেওঁৰ ইতিমধ্যে ছটা গল্প সংকলন, এখন প্ৰবন্ধ পুথি, এখন কবিতা সংকলন আৰু এখন উপন্যাস প্ৰকাশ হৈছে। সাহিত্য কৰ্মৰ বাবে কৰ্ণাটকৰ সাহিত্য একাডেমী  আৰু দানা চিন্তামণি আত্তিমাবে পুৰস্কাৰ লাভ কৰিছে। তেওঁৰ লেখা বহুতো গল্প উৰ্দু, হিন্দী, তামিল আৰু মালয়ালম ভাষাত অনুদিত হৈছে।

 প্ৰগতিশীল প্ৰতিবাদী সাহিত্য সৃষ্টিৰ বাবে বানু মুস্তাকে কেইবাবাৰো মুছলিম সমাজৰ পৰা বহিষ্কৃত হ’ব লগীয়া হৈছিল। তথাপি তেওঁ বিচলিত নহৈ তীব্ৰ সততা আৰু সাহসিকতাৰে প্ৰতিবাদী ভাষাৰে কবিতা, গল্প, প্ৰবন্ধ আদি নিয়মীয়াকৈ লিখি গৈছিল। তেওঁ ” The Week Magazine”ৰ সম্পাদনা সমিতিক দিয়া  এটি সাক্ষাৎকাৰত মন্তব্য আগবঢ়াইছিল-

” মই ধাৰাবাহিক ভাৱে উগ্ৰ জাতীয়তাবাদী ধৰ্মীয় ব্যাখ্যাক চেলেঞ্জ কৰি আহিছোঁ । এই বিষয়বোৰেই হৈছে মোৰ লিখাৰ মূল কেন্দ্ৰবিন্দু। সমাজ বহুত পৰিবৰ্তন হৈছে যদিও মূল বিষয়সমূহ একেই আছে। প্ৰেক্ষাপট বিকশিত হ’লেও নাৰী আৰু প্ৰান্তিক অৰ্থাৎ নিম্ন বৰ্ণৰ সম্প্ৰদায়ৰ মৌলিক সংগ্ৰাম অব্যাহত আছে।”

ব্যক্তিগত জীৱনতো বানু মুস্তাকে দুৰ্বিসহ যন্ত্ৰণাৰ মাজেৰে পাৰ কৰিব লগা হৈছে। ২৬ বছৰ বয়সত নিজে ভাল পোৱা যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতেই কেইবাবছৰ ধৰি তেওঁ বৈবাহিক জীৱনত প্ৰচণ্ড দ্বন্দ্ব আৰু কলহৰ মাজেৰে পাৰ কৰিব লগা হৈছিল। বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী বানু মুস্তাকে বিভিন্ন ঘটনা-পৰিঘটনা যুক্তি সহকাৰে প্ৰমাণ কৰিব বিচাৰিও শহুৰেকৰ ঘৰৰ নানা অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ দ্বাৰা ক্ষতবিক্ষত হৈছিল। এনেকি তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰক শেষ নবী হজৰত মহম্মদৰ( ছঃ) বিভিন্ন বাণী উদ্ধৃতি দি কৈছিল , নবীয়ে ইছলাম ধৰ্মাৱলম্বী লোক সকলক উপদেশ দিছিল যে , মুছলমান সকলে যিখন দেশত জন্ম গ্ৰহণ বা বসবাস কৰে, সেইখন দেশৰ ভাষা, সাহিত্য, কলা, কৃষ্টি আৰু সংস্কৃতি গ্ৰহণ কৰা উচিত। অথচ, সেইবোৰ লৈ কেৰেপ নকৰি ভাৰতীয় ধৰ্মীয় মৌলবাদী সকলে মুছলমান নাৰী সকলক আৰবীয় সংস্কৃতিৰ বোৰ্খা বা হিজাব পিন্ধিবলৈ বাধ্য কৰাই আছে। বিশিষ্ট লেখিকা বানু মুস্তাকেও শহুৰেকৰ ঘৰত তথাকথিত ধৰ্মীয় অনুশাসনৰ নামত বোৰ্খা পৰিধান কৰি ঘৰৰ চৌহদত আৱদ্ধ হৈ এক নৰক যন্ত্ৰণা ভুগিব লগা হৈছিল। তাৰ পিছত তেওঁৰ প্ৰচণ্ড অবাধ্যতাৰ ফলত অৱশেষত শহুৰেকৰ পৰিয়ালৰ মানুহে তেওঁক মুক্তি দিবলৈ বাধ্য হৈছিল। এনেকি তেওঁ এবাৰ হতাশাগ্ৰস্ত হৈ শৰীৰত পেট্ৰল ঢালি আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও গিৰীয়েকৰ অনুৰোধ-বিনোৰোধত আত্মহত্যাৰ পথ বাচি লোৱা নাছিল।

 বুকাৰ ইন্টাৰনেছনেল প্ৰাইজ ফৰ লিটাৰেচাৰৰ বিচাৰক মণ্ডলীয়ে ভাৰতীয় লেখিকা, আইনজীৱী আৰু সমাজ কৰ্মী বানু মুস্তাকৰ চুটিগল্পৰ সংকলনটিৰ চৰিত্ৰসমূহ ‘জীয়াই থকাৰ আৰু স্থিতিস্থাপকতাৰ এক আশ্চৰ্যজনক প্ৰতিকৃতি’ হিচাপে প্ৰশংসা কৰিছে।

মুঠতে, ১৯৯০ চনৰ পৰা ২০২৩ চনলৈকে বানু মুস্তাকৰ লেখা ১২টি চুটিগল্প সংকলিত হাৰ্ট লেম্পত দক্ষিণ ভাৰতৰ মুছলিম নাৰী সকলৰ অপৰিসীম দুখ যন্ত্ৰণাৰ ছবি মৰ্মস্পৰ্শী ৰূপে ফুটি উঠিছে। তাৰ মাজতে এই মুছলমান নাৰী সকলৰ ধৰ্মীয় ৰক্ষণশীলতা আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মুখামুখি চেলেঞ্জৰ সন্মুখীন হোৱাৰ সৎ সাহস, ধৈৰ্য আৰু চেতনাবোধৰ দ্বাৰা আত্ম-সচেনতা লাভ কৰি বিখ্যাত কানাড়া লেখিকা বানু মুস্তাকে সূক্ষ্ম চৰিত্ৰ আৰু কাহিনী পৰিবেশন কৰিবলৈ সক্ষম হৈছিল।

প্ৰান্ত অঞ্চলত বসবাস কৰা পৰিয়ালৰ জীৱনধাৰা, অলক্ষিতে থকা অৱহেলিত ৰূপ , জীয়াই থকাৰ বাবে প্ৰতিনিয়ত  সংগ্ৰামৰ বাবে যি প্ৰতিৰোধ শক্তি, এয়াই আছিল বানু মুস্তাকৰ নীৰৱ শক্তি। এয়া আছিল ইণ্ডিয়ান এক্সপ্ৰেছ সংবাদ পত্ৰৰ এই গ্ৰন্থখন সম্পৰ্কে এক পৰ্যালোচনা।

বানু মুস্তাকৰ মতে এই গ্ৰন্থখনৰ সৃষ্টি এই ধাৰণাৰ ওপৰত ভিত্তি কৰি যে, জীৱনৰ কোনো সৰু গল্পও সৰু নহয়, মানুহৰ অভিজ্ঞতাৰ ট্ৰেপষ্টিত প্ৰতিটি সূতাই সমগ্ৰৰ ওজন ধাৰণ কৰে।

যি পৃথিৱীত আমাক প্ৰতি মুহূৰ্ত্তত বিভক্ত কৰাৰ প্ৰচেষ্টা চলাই থকা হয়, সেই ক্ষেত্ৰত একমাত্ৰ সাহিত্যই শেষ আশ্ৰয়ৰ পবিত্ৰ স্থানবোৰৰ ভিতৰত সৰ্বোৎকৃষ্ট   ; য’ত আমি পৰস্পৰে পৰস্পৰৰ লগত মনৰ ভিতৰৰ বাস কৰিব পাৰোঁ ; এনেকি কেইপৃষ্ঠাৰ ভিতৰতো।

বানু মুস্তাকৰ এই তীব্ৰ প্ৰতিবাদী লেখাৰ বাবে তেওঁ ৰক্ষণশীল মুছলমান সমাজৰ ঘৃণাৰ পাত্ৰ হিচাপে পৰিগণিত হৈছে। কাৰণ ,তেওঁ কেৱল লেখাৰ মাধ্যমত ধৰ্মীয় গোড়ামীৰ দ্বাৰা পৰিচালিত ৰক্ষণশীল সমাজক তীক্ষ্ণ ভাৱে সমালোচনা কৰা নাছিল ; এগৰাকী সচেতন সমাজকৰ্মী হিচাপেও ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল  ; যাৰ ফলত ২০০০ চনত এখন সংবাদ পত্ৰৰ আগত তেওঁ মুছলমান নাৰী সকলক জুম্মাৰ নামাজ পঢ়িবলৈ দিব লাগিব বুলি মন্তব্য আগবঢ়োৱাৰ বাবে ইছলামিক মৌলবাদী সকলৰ দ্বাৰা মৃত্যুৰ ভাবুকি লাভ কৰি সংশয়ৰ মাজত জীৱন নিৰ্বাহ কৰিছিল। অথচ, হজৰত মহম্মদৰ (ছঃ) জীৱন কালত মুছলমান নাৰী সকলক জুম্মাৰ আৰু ঈদৰ নামাজ পঢ়িবলৈ পূৰ্ণ অধিকাৰ দিছিল।

এয়েই হ’ল, বুকাৰ বঁটা প্ৰাপক বানু মুস্তাকৰ বৰ্ণীল জীৱন আলেখ্য।

ভাৰতত এই গ্ৰন্থখনৰ প্ৰকাশক পেঙ্গুইন ইণ্ডিয়াৰ প্ৰধান সম্পাদক মানসি সুব্ৰমনিয়মে বি বি চি ক দিয়া এক সাক্ষাৎকাৰত কয় যে, এই পুৰস্কাৰ আঞ্চলিক সাহিত্যৰ এক উল্লেখযোগ্য জয়।  ” ২০২২ চনত ট্ৰম্ব অফ স্যাণ্ডৰ ঐতিহাসিক জয়ৰ পিছতেই এই বছৰ ‘হাৰ্ট লেম্প’ৰ জয় এটি শক্তিশালী স্মাৰক যিয়ে ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্য আমালোকৰ পূৰ্ণ মনোযোগ দাবী কৰে।” সুব্ৰমনিয়মে কয়।

বিশিষ্ট লেখিকা বানু মুস্তাকৰ সাহিত্য-ৰাজি সম্পৰ্কে গ্ৰন্থ প্ৰেমী সকলৰ মাজত সুপৰিচিত যদিও বুকাৰ ইন্টাৰনেছনেল প্ৰাইজ ফৰ লিটাৰেচাৰৰ এই বিজয়ে তেওঁৰ জীৱন আৰু সাহিত্য-কৰ্মৰ ওপৰত আৰু গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হৈছে।

বানু মুস্তাক হওক প্ৰগতিশীল চিন্তাধাৰাৰ ধাৰক-বাহক আৰু প্ৰতিবাদী কণ্ঠৰ এক শক্তিশালী মাধ্যম।

error: Content is protected !!