ক্ষমতাৰ খঁক
বৰ্তমান প্ৰেক্ষাপটত
আজিৰ সমাজত
আচৰিত ধৰণে এটা
মনোবৃত্তি শিপাইছে
উচ্চ শিক্ষাৰে শিক্ষিত
সমাজৰ গুণী জ্ঞানী
এচাম মানুহৰ
ভোক বৰকৈ
বাঢ়িব ধৰিছে
এয়া পেটৰ ভোক নহয়
নহয় কোনো ক্ষুধাৰ তাড়না
এইয়া হৈছে ক্ষমতাৰ খঁক
যাৰবাবে হেৰুৱাই পেলাইছে
মানৱীয় অস্তিত্ব
ভুলুণ্ঠিত হৈছে মানৱ সত্তা
ক্ষমতাৰ ভোক ইমানেই
বেছিকৈ চৰিছে যে
তাৰবাবে অলপো কুণ্ঠাবোধ
অনুভৱ কৰা নাই
মানৱতাক সমুলঞ্চে ত্যাগ কৰিবলৈ
মানুহৰ পোচাক সাজ সলাই
পিন্ধি লৈছে এসাঁজ
দানৱীয় পোচাক
ৰূপ লৈছে অমানুহৰ
কেৱল লাগে ক্ষমতা
বাল্মীকি যেন ক্ৰমান্বয়ে
ৰত্নাকৰলৈ পৰ্যবসিত হৈছে
ক্ষণেক্ষণে সলাইছে ৰং
ভদ্ৰতাৰ মুখা পিন্ধাসকলে
আনৰ কেঁচা তেজ শুহি
সবল শক্তিশালী হৈছে
এইচাম ক্ষমতালোভীৰ বাবে
সমাজৰ প্ৰতিজন ৰামৰ
প্ৰতিনিয়ত হৈছে পৰাজয়
আৰু হৈছে ৰাৱণ নামৰ
দুৰ্জনৰ জয় ৷৷