মুক্ত জীৱন সজাত বন্ধী
—————–
উন্মুক্ত নিলিমাত মুক্ত মনে
বিচৰণ কৰা পক্ষীটিয়ে জনে
স্বাধীন জীৱনৰ সোৱাদৰ খবৰ।।
আকাশৰ বিশালতা আৰু
ৰদ্দুৰৰ কেঁচা মিঠা পৰশ যেন
মুক্ততাৰ স্বাদ দুগুণ কৰে ।।
বাঢ়ি যায় অনুভূতি পজাৰ
সজোৱা সপোনৰ ধন ভাণ্ডাৰ
কল্পনাৰ অস্তিত্বৰ আনা গুণা।।
আকচমাতে মুক্ত পক্ষীটি বন্ধী
ককবকাই গায় নিনাদৰ গান
সুৰ তুলি সেই পিঞ্জিৰাতে বহি।।
সপোন ভাঙি থান বান হয়
কোমল দাপোনৰ ন্যায় জানা
অনুভূতিও মৰে ঘোৰ পিয়াহঁত।।
আহা মুক্ত জীৱন ক’ত যে স্বাদ
ক’ত যে উল্লাস আনন্দ ময়
এক বন্ধীতেই সব যেন বৃথা।।
আয়শা ছিদ্দিকা