বিক্ষোভত পুনৰ অগ্নিগৰ্ভ মণিপুৰ

বিক্ষোভত পুনৰ অগ্নিগৰ্ভ মণিপুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   পুনৰ বিক্ষোভৰ জুই জ্বলিছে মণিপুৰত। দীর্ঘদিন ধৰি গোষ্ঠীসংঘর্ষত আক্রান্ত হৈ থকা উত্তৰ-পূবৰ ৰাজ্যখনত হঠাতে মেইটেই সম্প্রদায়ৰ এটা আৰামবাই টেংগল আৰু ৫ স্বেচ্ছাসেৱকক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ উত্তপ্ত হৈ পৰে ৰাজ্যখন। শনিবাৰে নিশাৰে পৰা ৰাজ্যখনৰ বিভিন্ন দিশত আৰম্ভ হৈছে বিক্ষোভ। ধৃত নেতাসকলৰ মুক্তিৰ দাবীত এইবাৰ গাত পেট্ৰ’ল ঢালি আত্মজাহৰ ভাবুকি দিলে বিক্ষোভকাৰীয়ে। ইতিমধ্যে এই সম্পর্কীয় এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মূৰত পেট্ৰ’ল ঢালি লৈ আত্মজাহৰ ভাবুকি দি থকা প্রতিবাদকাৰীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সষ্টম হৈ পৰিছে প্রশাসন। পৰিস্থিতি ভয়াৱহ হৈ পৰিব পাৰে বুলি ধাৰণা কৰি মণিপুৰৰ বিভিন্ন অঞ্চলত জাৰি কৰা হৈছে সান্ধ্য আইন। ইফালে পাঁচখন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মণিপুৰৰ পথত বিক্ষোভ প্রদর্শন কৰে এদল প্রতিবাদকাৰীয়ে। বিক্ষোভকাৰীসকলৰ প্ৰত্যেকে পৰিধান কৰিছিল ক’লা পোছাক। তেওঁলোকে দাবী কৰে যে গ্ৰেপ্তাৰ হোৱা নেতাক মুক্তি নিদিলে আত্মজাহেৰে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। এই দাবী কৰিয়েই গাত পেট্র’ল ঢালি লয় প্রতিবাদকাৰীসকলে। লক্ষণীয়ভাবে টেংগলসহ ৬গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে হিংসাত উচটনি দিয়াৰ অভিযোগত। কিন্তু ইয়াৰ পিছতে মেইটেই সংগঠনসমূহে প্রতিবাদ তীব্ৰতৰ কৰি তোলে। কালি নিশাৰে পৰা কুকিৰ সৈতে থকা যুদ্ধবিৰতি প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় মেইটেই সংগঠনসমূহে। মণিপুৰ আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইম্ফলসহ পাঁচখন জিলাত নিশাৰ ভিতৰতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। আগন্তুক পাঁচ দিনলৈ এই সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰিছে আৰক্ষীয়ে। বৃহৎ হিংসাৰ ঘটনা এৰাই চলিবলৈ এই সিদ্ধান্ত গ্রহণ কৰা বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে। ইফালে মেইটেই সংগঠনসমূহে কেন্দ্রীয় চৰকাৰক যুদ্ধবিৰতি চুক্তি বাতিল কৰাৰ বাবে দাবী কৰি মণিপুৰৰ সংঘৰ্ষৰ বাবে কুকিসকলেই জগৰীয়া বুলি অভিযোগ কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছিল। এই চুক্তি বাতিল কৰিব লাগে বুলি মেইটেইসকলে দাবী কৰিছে। মেইটেই সংগঠনসমূহৰ অভিযোগ যে কুকি জনজাতিৰ সশস্ত্র গোটসমূহে সঘনে কূটাঘাত সংঘটিত কৰি আহিছে। কিন্তু মেইটেই সম্প্ৰদায়ৰ দাবীক লৈ কোনোধৰণৰ প্ৰতিক্রিয়া প্রকাশ কৰা নাই কেন্দ্ৰই। ইয়াৰ মাজতে উত্তৰ-পূবৰ ৰাজ্যখনত যাতে হিংসাৰ জুই অধিক সম্প্ৰসাৰিত হ’ব নোৱাৰে সেই দিশটোত নজৰ দিছে প্রশাসনে।