স্পেইনক পৰাস্ত কৰি UEFA নেচনছ লীগৰ খিতাপ দখল পর্তুগালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুবাৰকৈ UEFA নেচনছ লীগৰ খিতাপ জয় কৰি প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে পর্তুগাল। জার্মানীৰ মিউনিখত দেওবাৰে নিশা অনুষ্ঠিত ফাইনেলত পর্তুগালে ডিফেণ্ডিং চেম্পিয়ন স্পেইনক পেনাল্টী শ্বুটআউটত ৫-৩ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে। খিতাপ যুঁজৰ মেচখনত দুয়োটা দলে আৰম্ভণিৰে পৰাই আগ্রাসী মনোভাবেৰে খেলপথাৰত নামে। উত্তেজনাপূর্ণ খেলখনৰ ২১ মিনিটত মার্টিন জুবিমেণ্ডিয়ে দর্শনীয় গ’ল স্ক’ৰ কৰি স্পেইনক গুৰুত্বপূৰ্ণ অগ্রগতি প্রদান কৰে। কিন্তু স্পেইনৰ এই অগ্রগতি বেছি সময় নিটিকিল। ৫ মিনিট পিছতেই অর্থাৎ ২৬ মিনিটত নুনো মেণ্ডেছে গ’ল কৰি পর্তুগালৰ হৈ সমতা স্থাপন কৰে। অৱশ্যে প্রথমার্ধত মাইকেল অয়াৰজাবালে এক দর্শনীয় গ’ল স্ক’ৰ কৰি ডিফেণ্ডিং চেম্পিয়ন স্পেইনক পুনৰ ২-১ গ’লত অগ্রগতি প্ৰদান কৰে। কিন্তু দ্বিতীয়াৰ্ধৰ ১৬ মিনিটত পর্তুগালৰ তাৰকা ষ্ট্ৰাইকাৰ ক্রিষ্টেয়ানো ৰ’নাল্ডোৱে কেৰিয়াৰৰ ৯৩৮ সংখ্যক গ’লটো দি মেচখনত ২-২ গ’লত সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে ৰ’নাল্ডোৱে গোৰোহাত আঘাত পোৱাৰ পিছতো পর্তুগালে অতিৰিক্ত সময়ত চাপ অব্যাহত ৰাখিছিল। কিন্তু নিৰ্ধাৰিত সময়ত দুয়োটা দলে গ’ল স্ক’ৰ কৰিব নোৱাৰাত মেচখন পেনাল্টী শ্বুটআউটৰ দ্বাৰা ফলাফল নির্ণয় কৰিবলগীয়া হয়। পেনাল্টী শ্বুটআউটত পর্তুগালৰ হৈ গঞ্জালো ৰামোছ, ভিটিনহা, ব্রুনো ফার্নাণ্ডেজ, নুনো মেণ্ডেছ আৰু ৰুবেন নেভেছে গ’ল স্ক’ৰ কৰাৰ বিপৰীতে স্পেইনৰ হৈ মেৰিনো, বেনা আৰু ইস্কোৱে গ’ল স্ক’ৰ কৰে যদিও ম’ৰাটা ব্যর্থ হয়। ফলত পর্তুগালে ৫-৩ গ’লত বিজয় সাব্যস্ত কৰি দ্বিতীয়বাৰৰ বাবে নেচনছ লীগৰ খিতাপ জয় কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত প্রতিযোগিতাখনত নেদাৰলেণ্ডছক পৰাস্ত কৰি পর্তুগালে খিতাপ জয় কৰিছিল। মন কৰিবলগীয়া যে পেশীৰ আঘাতৰ সমস্যাৰ বাবে ৰ’নাল্ডোৱে ৮৮ মিনিটত খেলপথাৰ ত্যাগ কৰিবলগীয়া হয়। খেলখনৰ অন্তত ৰ’নাল্ডোৱে কয় যে পর্তুগালৰ হৈ জয়লাভ কৰাটো সদায় এক বিশেষ অনুভূতি। ক্লাবৰ সৈতে মোৰ বহু খিতাপ আছে। কিন্তু পর্তুগালৰ হৈ জয়ী হোৱাতকৈ আন একোৱেই হ’ব নোৱাৰে। জাতীয় দলৰ হৈ খিতাপ জয় কৰাটো সদায়ে উচ্চ।