মেঘালয়ত সন্ধানহীন সোনমক গাজিপুৰত উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীৰ্ঘ ১৭ দিনৰ পাছত সন্ধান ওলাল সোনম ৰঘুবংশীৰ।ইন্দোৰৰ পৰা হানিমুনলৈ শ্বিলঙ আহিছিল নৱদম্পত্তি ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম ৰঘুবংশী। সেই আনন্দৰ যাত্ৰাই পৰিণত হৈছিল এক ভয়ংকৰ দুঃস্বপ্নলৈ। যোৱা ২ জুনত স্বামী ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল শ্বিলঙৰ দ খাৱৈত। তাৰ পিছতে সন্ধানহীন হৈ আছিল পত্নী সোনম। সকলোৱে ভাৱিছিল যে, কোনো দুৰ্বৃত্তই হত্যা কৰিছিল সোনম আৰু ৰাজাক। মেঘালয় আৰক্ষীয়ে দুৰ্গম এলেকাত পত্নী সোনমৰ সন্ধানত চলাইছিল অভিযান। কিন্তু এই ঘটনাই শেহতীয়াকৈ নতুন মূৰ ললে। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোণমক । গাজীপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ প্ৰসাদে এই কথা নিশ্চিত কৰিছে । একে সময়তে এই গোচৰত মেঘালয়ৰ ডিজিপিয়েও কৈছে যে ৰাজা হত্যাকাণ্ডৰ সৈতে তেওঁৰ পত্নী জড়িত বুলি অভিযোগ উত্থাপন হৈছে ।ডিজিপিয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰত মৃতকৰ পত্নী সোনমে আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰাৰ বিপৰীতে নিশাৰ ভিতৰতে অভিযান চলাই আন তিনিটা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয় । যোৱা ২৩ মে’ত মেঘালয়ৰ ছ’হৰা অঞ্চলত অৱসৰ বিনোদনত থকা অৱস্থাত নিৰুদ্দেশ হৈছিল ৰঘুবংশী আৰু তেওঁৰ পত্নী । পত্নীৰ সন্ধান চলি থকাৰ সময়তে ২ জুনত এটা খাৱৈত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় । ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ‘এক্স’ হেণ্ডেলত টুইট কৰি কয়, “৭ দিনৰ ভিতৰত মেঘালয় আৰক্ষীয়ে ৰাজা হত্যাকাণ্ডৰ গোচৰত ডাঙৰ সফলতা লাভ কৰিছে । মধ্যপ্ৰদেশৰ পৰা অহা ৩ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । সোনমেও আত্মসমৰ্পণ কৰিছে আৰু আনটো আক্ৰমণকাৰীক ধৰিবলৈ অভিযান এতিয়াও চলি আছে ।” সূত্ৰ অনুসৰি, ৰাজা আৰু সোনম ২৩ মে’ তাৰিখে শ্বিলঙত হানিমুনৰ শেষ দিনটো পাৰ কৰি আছিল। সেই দিনা দুপৰীয়া ১:১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ লগত ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতে, নিশা ১২:৩৭ বজাত সোনমেও তেওঁৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড কথা পাতিছিল। পৰিয়ালৰ মতে, তেওঁলোক পাহাৰখনৰ পৰা উভতি আহি আছিল, আৰু এই সময়ছোৱাত ইজনে সিজনৰ লগত শেষবাৰৰ বাবে ফোনযোগে কথা পাতিছিল। তাৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল দুয়ো। ইয়াৰ কিছুদিনৰ পিছতে স্বামী ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সন্ধানহীন হৈ আছিল সোনম। অৱশেষত সোনমো আৰক্ষীৰ জালত পৰিল।