বৰপথাৰৰ মৰাণগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Pc The Indian Express

বৰপথাৰৰ মৰাণগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত মৰাণগাঁৱত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি পথাৰলৈ পানী চাবলৈ যাঁওতে দিলীপ শৰ্মা আৰু অৰ্জুন মুড়া নামৰ লোকজনে প্ৰথমতে উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে, লাংঠা জানৰ পাৰৰ মেটেকাৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰি বৰপথাৰ আৰক্ষীক খবৰ দিয়ে ৷ আনহাতে, ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ইফালে, মৃতদেহটো সম্পূৰ্ণৰূপে উৱলি গৈছে যদিও শৰীৰৰ অৱয়ব অনুসৰি মৃতদেহটো পুৰুষৰ বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি গোলাঘাট মৰ্গত থকা মৃ়তদেহটো বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷