ডিব্ৰুগড়ত গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্দ্ধনা: গ্ৰন্থ উন্মোচন ড০ কৰবী ডেকা হাজৰিকাৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় ৰেডক্ৰছ ছছাইটিৰ ৫৮সংখ্যক মাহেকীয়া সভাখন ডা০ প্ৰণিত কুমাৰ চৌধুৰীৰ সভাপতিত্বত ডিব্ৰুগড়স্থিত ড০ ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তিনিটা বিশেষ কাৰ্য ক্ৰমেৰে আজি (৮-৬-২০২৫)সম্পন্ন হয়। প্ৰথমে মাহেকীয়া সভাখন ৰেডক্ৰছ ছছাইটিৰ শীৰ্ষ গীতেৰে আৰম্ভ কৰাৰ পাছতে সভাপতিয়ে সকলোকে আদৰণি জনায় । উপ-সভাপতি ড০ ৰঘুনাথ বৰবৰাই সভাৰ মূল উদ্দেশ্যৰ বিষয়ে সকলোকে অৱগত কৰে। ছছাইটিৰ সম্পাদক ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰে বিগত ৫৭ সংখ্যক মাহেকীয়া সভাখনৰ প্ৰতিবেদন ডাঙি ধৰি ইতিমধ্যে সম্পন্ন হৈ যোৱা বিভিন্ন কাৰ্য্যৱলীৰ বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে। ইয়াৰ পাছতেই ড০ ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উদযাপন সমিতিৰ যুটীয়া সহযোগত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু জগদীশ ভড়ালীক ছছাইটিৰ সদস্য অনুজ কুমাৰ বৰুৱাই এখন ফুলাম গামোচা আৰু উপপৃষ্ঠপোষক জ্যোতি প্ৰসাদ কানৈয়ে এখনি সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰি এক উদগনিমূলক ভাষণেৰে তেখেতক সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা পত্ৰখন পাঠ কৰে সোনালী জয়ন্তী উদযাপন সমিতিৰ সদস্য তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰাজ কুমাৰ আগৰৱালাই। ইয়াৰ পাছতেই গ্ৰন্থ উন্মোচন অনুষ্ঠান আৰম্ভ হয় । ৰেডক্ৰছ ছছাইটিৰ এগৰাকী সক্ৰিয় সদস্যা নিহাৰীকা শ্ৰুতিকৰ বেজবৰুৱাৰ দ্বাৰা গ্ৰন্থ “স্মৃতিৰ সৰা পাত বুটলি” উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ,কবি, সাহিত্যিক তথা ৰেডক্ৰছ ছছাইটিৰ পৰিচালনা সমিতিৰ সদস্যা “সাহিত্যাচাৰ্য” ড০ কৰবী ডেকা হাজৰিকাই । গ্ৰন্থ উন্মোচন কৰি ভাষণ প্ৰসঙ্গত তেওঁ মনৰ ভাৱ ব্যক্ত কৰি কয় যে গ্ৰন্থখনত সন্নিৱিষ্ট সকলো কেইটা কাহিনী সত্যৰ ওপৰত আধাৰিত ব্যক্তিগত অভিজ্ঞতাৰে পৰিপুষ্ট । এনে ধৰনৰ গ্ৰন্থ আগলৈও লিখিবলৈ তেওঁ অনুপ্ৰাণিত কৰে । লেখিকা নিহাৰীকা শ্ৰুতিকৰ বেজবৰুৱাই বক্তব্যত কয় যে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ মাজত তেওঁৰ শিক্ষকতা জীৱনৰ বহু অভিজ্ঞতা এতিয়াও সজীৱ হৈ আছে। তাৰেই কিছু এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰি পাঠক সমাজলৈ আগবঢ়োৱাৰ কথা কয় । বিশিষ্ট শিক্ষাবিদ, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু ৰেডক্ৰছ ছছাইটিৰ উপপৃষ্ঠপোষক ড০ কন্দৰ্প কুমাৰ ডেকাই ৰেডক্ৰছ ছছাইটিৰ কেইগৰাকীমান সদস্যক আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এই প্ৰমাণ পত্ৰৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰত্যেকজন সদস্যই ৰেডক্ৰছ ছছাইটিৰ মূলমন্ত্ৰ আগত ৰাখি মানৱীয় প্ৰমূল্যবোধেৰে দেশৰ আৰু দহৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। শেষত কেশৱানন্দ হালৈয়ে শলাগৰ শৰাই আগবঢ়ায় ।