বিশ্ব পৰিৱেশ দিৱস উদযাপন ২০২৫
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ “সংহত শিশু উন্নয়ন সেৱা আচনি অন্তৰ্গত শুৱালকুছিৰ অঙ্গনবাদী কেন্দ্ৰ–১৩” ৰ উদ্যোগত ৫ জুন ২০২৫ তাৰিখে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে । এই অনুষ্ঠানটোৱে বিগত সময়চোৱাত কণ-কণ শিশু সকলক শিক্ষাদানৰ লগতে চৰকাৰে যোগান ধৰা পুষ্টিকৰ খাদ্য,শিক্ষাৰ লগত জড়িত বিভিন্ন আহিলা পাতি বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে , তদুপৰি ৰাইজৰ মাজত সজাগতা আনিবলৈ সময়ে সময়ে বিভিন্ন কাৰ্যসূচীৰে হাতত লৈ আহিছে। এই বেলি অনুষ্ঠানটোত কৰ্মৰত ইলা ভৰালী ডেকাৰ তত্ত্বাৱধানত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অভিভাৱক মাহ পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে শুৱালকুছি গাঁওৰ কেইবাগৰাকী সমাজ সচেতন ব্যক্তি আৰু আই মাতৃৰ সহযোগত পথৰ দাঁতিত গছক পুলি ৰোপণ কৰা হয়। অনুষ্ঠানটোত উপস্থিত থাকে প্ৰজাপিতা ইশ্বৰীয় বিশ্ববিদ্যালয়ৰ সেৱিকা (শাখা শুৱালকুছি)ফাল্গুনী বেহেনজী, অঙ্গনবাদী কেন্দ্ৰৰ মুখ্য সেৱিকা অমিয়া বেগম, পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ সদস্যা টুটুমণি বৈশ্য, সমাজ সেৱক কল্প দেউৰী, সমাজ সেৱিকা লেখিকা অনামিকা (সংগীতা) কলিতা , সাংবাদ কৰ্মী হৰিপ্ৰসাদ দাস, প্ৰেমদা বৈশ্য,সাধনী দাস,প্ৰমীলা বৈশ্য ,ৰুণু বৈশ্য ,কল্যাণী বৈশ্য আদি কৰি বহু কেইগৰাকী আই মাতৃ । ইয়াৰ পিছত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় য’ত অমিয়া বেগম ডাঙৰীয়ানীয়ে বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে , লগতে ফাল্গুনী বেহেনজীয়ে পৰিবেশ সুন্দৰ কৰি ৰখাৰ লগতে মনৰ পৃথিৱীখন কিদৰে সুন্দৰ কৰি ৰাখিব পাৰি আধ্যাত্মিক ভাষণেৰে আইমাতৃ সকলক আপ্লুট কৰে। অনামিকা (সংগীতা)কলিতাই প্লাষ্টিক মুক্ত পৃথিবীৰ লগতে পৰিয়ালৰ পৰিৱেশৰ ওপৰত সন্তানৰ বৌদ্ধিক বিকাশ কিদৰে নিৰ্ভৰ কৰে , শিশুৰ পিতৃ মাতৃসকলৰ দায়িত্ব কেনে হোৱা উচিত এক সুন্দৰ ভাষণেৰে সকলোকে মোহিত কৰে। শেষত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে।