কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা
বিটিআৰ নিৰ্বাচন সন্দৰ্ভত চ’চিয়েল মিডিয়াৰ ৰণনীতি তৈয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- BTR ত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত পৰিষদ গঠন হ’ব আৰু ২০২৬ ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ’ব৷-এই মন্তব্য অধ্যক্ষ, চ’চিয়েল মিডিয়া আৰু আই টি বিভাগ,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাতুল কলিতাই৷আজি কোকৰাঝাৰত আগন্তুক বিটিআৰ নিৰ্বাচন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ অধ্যক্ষতাত সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালা খনিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়িকা সায়ন্তনি ৰয়ে প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ তত্বাবধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন সিকদাৰ, ৰোজলিনা তিৰ্কী, প্ৰদীপ সৰকাৰ, বিধায়ক সোবাহান আলি সৰকাৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, সম্পাদক, BTR ৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ আৰু বিটিআৰৰ অন্তৰ্গত কৰ্মী সকল উপস্থিত থাকে। কৰ্মশালাত BTR গঠনৰ লক্ষেৰে কেতবোৰ ৰণনীতি তৈয়াৰ কৰা হয়৷