সামাজিক শিক্ষাইহে পূৰ্ণাংগ মানুহ গঢ়িব পাৰে : ডঃ ভাগৱতী
ডাঃ মাকন শৰ্মাৰ গ্ৰন্থ ‘স্ত্ৰীৰোগ : সজাগতা আৰু নিৰাময়’
ৰঙিলী বাৰ্ত্তাসেৱা- ‘আনুষ্ঠানিক শিক্ষাতকৈ সামাজিক শিক্ষাইহে প্ৰকৃত মানুহ গঢ়িব পাৰে। এইক্ষেত্ৰত গ্ৰন্থৰ যথেষ্ট অৱদান আছে।’ এই মন্তব্য কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত স্ত্ৰীৰোগৰ জ্যেষ্ঠ আৰু বিশেষজ্ঞ চিকিৎসক ডাঃ মাকন শৰ্মাৰ গ্ৰন্থ ‘স্ত্ৰীৰোগ : সজাগতা আৰু নিৰাময়’ উন্মোচন কৰি ডঃ ভাগৱতীয়ে এই মন্তব্য কৰে। প্ৰকাশন প্ৰতিষ্ঠান ‘শব্দ-শিল্প’ই প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনৰ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ চিকিৎসক তথা সুসাহিত্যিক ডাঃ জীৱন দত্ত বৰুৱা, শিক্ষাবিদ ডঃ সুচিত্ৰা কাকতি আৰু ‘লেখিকা সংস্থা, অসম’ৰ উপদেষ্টা মৃদুলা শৰ্মাই। সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দেৱপ্ৰসাদ মিশ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কালীপ্ৰসাদ শৰ্মা, অসম চৰকাৰৰ বন বিভাগৰ অৱসৰপ্ৰাপ্ত সংমাণ্ডলিক বন বিষয়া জিতেন্দ্ৰ নাৰায়ণ ভাগৱতী, জ্যেষ্ঠ চিকিৎসক ডাঃ গুণাভিৰাম শৰ্মা আদিয়ে। সভাখনৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক তথা ‘শব্দ-শিল্প’ৰ সম্পাদক চন্দন ভাগৱতীয়ে।